৩০ জুলাইত গুৱাহাটীত তৃতীয় সংস্কৰণৰ বিদাং ফাইটিং চেম্পিয়নশ্বিপ

sports

গুৱাহাটীৰ দেশভক্ত তৰুণ ৰাম ফুকন ইণ্ডোৰ ষ্টেডিয়ামত ৩০ জুলাইত বিদাং এম এম এ আৰু ফিটনেছ জিমৰ উদ্যোগত আৰু গ্ৰীণউড হোটেলছ এণ্ড ৰিৰ্জটৰ সহযোগত তৃতীয় সংস্কৰণৰ বিদাং ফাইটিং চেম্পিয়নশ্বিপৰ (বিএফচি) অনুষ্ঠিত হ'ব। দেশৰ শ্ৰেষ্ঠ এম এম এ পেছাদাৰী যুঁজাৰুসকলে এই প্ৰতিযোগিতাত তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিব। 

এই সন্দৰ্ভত শুকুৰবাৰে গুৱাহাটীৰ অসম অলিম্পিক সন্থাৰ সভাকক্ষত আয়োজিত এখন সংবাদমেলত বিদাং এম এম এ আৰু ফিটনেছ জিম তথা বিদাং ফাইটিং চেম্পিয়নশ্বিপৰ প্ৰতিষ্ঠাপক ভৱজিৎ চৌধুৰীয়ে কয় যে, এই পেছাদাৰী প্ৰতিযোগিতাখনত দেশৰ ২৪ গৰাকী প্ৰতিযোগীয়ে ১২ খন যুজঁত অৱতীৰ্ণ হ'ব। বিদাং ফাইটিং চেম্পিয়নশ্বিপত অসমৰ তিনিজন ফাইটাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। 

sports

আনহাতে, বিদাং ফাইটিং চেম্পিয়নশ্বিপৰ টিকটৰ মুল্যসমূহ হ'ল ক্ৰমে ১০০০, ৫০০ আৰু ৩০০ টকা। আগ্ৰহীসকলে বিদাং এম এম এ আৰু ফিটনেছ জিমৰ সকলো শাখা আৰু গ্ৰীণউড হোটেলছ এণ্ড ৰিৰ্জটৰ উপৰি বিদাং এম এম এ আৰু ফিটনেছ জিমৰ ছচিয়েল মিডিয়াৰ জৰিয়তে এই টিকটসমূহ সংগ্ৰহ কৰিব পাৰিব। আজিৰ সংবাদমেলত ফাইটাৰ মৃদুল শইকীয়া, সুনম জুমবা আৰু চুলতান কনকী উপস্থিত থাকে। 
 

Category
Profile picture for user UB Photos