ভয়াৱহ ভূমিস্খলন! ৪৮ৰো অধিক পৰিয়াল ক্ষতিগ্ৰস্ত, নিহত ১৬ জন.....

Landslide

নেৰানেপেৰা বৰষুণৰ ফলত মহাৰাষ্ট্ৰৰ ৰায়গড়ত সংঘটিত হৈছে প্ৰাকৃতিক দুৰ্যোগ। বৃহস্পতিবাৰে ৰায়গড়ত হোৱা ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৪৮ টা পৰিয়াল।

maha

এই শোকাৱহ দুৰ্যোগৰ ফলত শিশুসহ ১৬ গৰাকী লোক নিহত হোৱাৰ লগতে প্ৰায় ১২০ গৰাকী লোক দুৰ্ঘটনাস্থলীতে আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। এতিয়াও এই দুৰ্যোগৰ ফলত বহু লোকৰ মৃত্য হোৱাৰ আশংকা কৰা হৈছে । ইতিমধ্যে ৰাজ্য চৰকাৰৰ বিশেষ তৎপৰতাত এন ডি আৰ এফ,এছ ডি আৰ এফ আৰু টি ডি আৰ এফে চলাই আছে উদ্ধাৰ অভিযান।

maha

ইতিমধ্যে আহত অৱস্থাত উদ্ধাৰ কৰা ১২০ গৰাকী লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাৰ কিছুসময় পিচতে ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী একনাথ সিন্দে । দুৰ্ঘটনাস্থলী পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী গিৰিশ মহাজন, স্থানীয় বিধায়ক মহেশ বালাদী,প্ৰশান্ত ঠাকুৰ,বিভাগীয় বিষয়-ববীয়া আদিয়ে।

maha

উল্লেখ্যযোগ্য যে বৰষুণ সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই মহাৰাষ্ট্ৰ,বিহাৰ,ঝাৰখণ্ড আদি ৰাজ্যসমূহত আগজাননী দিছিল। বতৰ বিজ্ঞান কেন্দ্ৰই এইসমূহ ৰাজ্যলৈ বৰষুণৰ সম্ভাৱনা থকা বুলি পূৰ্বতেই উল্লেখ কৰিছিল।

Category
Profile picture for user UB Photos