ৱাইনয়ে শৰীৰৰ এবিধ ৰোগ নিৰাময় কৰাত সহায় কৰে! আহকচোন জানি থওঁ কি এই ৰোগবিধ......

wine

সুৰাপান কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক! কিন্তু ৱাইনয়ে শৰীৰৰ ডায়েবেটিচ ৰোগ নিৰাময়ত সহায় কৰে ।

আনহাতে সুৰাপান হৈছে স্বাস্থ্যৱান হৈ থকাৰ এক অন্যতম উপায়। হয়!যদি আপুনি ৰাতিৰ আহাৰৰ সৈতে অলপ ৱাইন সেৱন কৰে, তেনেহ'লে টাইপ-২ ডায়েবেটিচৰ পৰা হাত সাৰি থাকিব পাৰে। শেহতীয়া এক অধ্যয়নত এই তথ্য প্ৰমাণিত হৈছে। উল্লেখ্য যে, সুৰা সেৱন কৰা প্ৰায় ৩,১২,০০০ লোকৰ ওপৰত কৰা অধ্যয়নত এই বিষয়ে স্পষ্ট হৈছে। লগতে অধ্যয়নটোত প্ৰমাণ হৈছে যে টাইপ-২ ডায়েবেটিচৰ আশংকা কেৱল তেতিয়াহে হ্ৰাস হয়, যেতিয়া খাদ্যৰ সৈতে ৱাইন সেৱন কৰা হয়। 

wine

আমেৰিকান হাৰ্ট এছ'চিয়েশ্যনৰ এপিডেমিঅ'লজী, প্ৰতিৰোধ, জীৱনশৈলী আৰু কাৰ্ডিওমেটাবলিক স্বাস্থ্য সন্মিলন ২০২২ত উপস্থাপন কৰা প্ৰাথমিক গৱেষণা অনুসৰি, সুৰা সেৱন বিশেষকৈ ৱাইন সেৱন কৰাৰ ফলত টাইপ-২ ডায়েবেটিচ হোৱাৰ বৰ্ধিত বিপদাশংকা হ্ৰাস হয়।

আনহাতে, অধ্যয়নটোত এইটোও কোৱা হৈছে যে, একেবাৰে বেছিও নহয় আৰু কমও নহয়, কেৱল মধ্যমীয়া পৰিমাণৰ ৱাইন সেৱনেহে টাইপ-২ ডায়েবেটিচৰ ৰোধত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। মহিলাসকলৰ বাবে প্ৰতিদিনে এগিলাচ ৱাইন আৰু পুৰুষৰ বাবে প্ৰতিদিনে দুগিলাচ ৱাইন যথেষ্ট।

wine

আনহাতে, বহুতো অধ্যয়নত ইতিমধ্যে প্ৰমাণ হৈছে যে মাজে মাজে এগিলাচ ৱাইন সেৱন কৰাটো স্বাস্থ্যৰ বাবে খুবেই ভাল। ই এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ। ৱাইনে আমাক হৃদৰোগ পৰাও পৰিত্ৰাণ দিব পাৰে।তদুপৰি, শৰীৰ ফুলা সমস্যাৰ পৰাও সকাহ দিয়ে ৰেড ৱাইনে।

Category
Profile picture for user UB Photos