সচাঁকৈয়ে বৰ আচৰিত! বিলাহীৰ বাবে পত্নীয়ে এৰি গ'ল স্বামীৰ ঘৰ....উপায়হীন স্বামী.....

bilahi

সমগ্ৰ দেশতে এতিয়া বিলাহীৰ আকাশলংঘী মূল্য । কৰবাত যদি প্ৰতিকিলো বিলাহীৰ দাম ২০০ টকা কৰবাত আকৌ ৩০০ টকা। ১০০ টকাৰ তলত হয়টো বিলাহী পাব লৈকেয়ে নাই । বিলাহী বা অন্যান্য শাক-পাচলিৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সাধৰণ জনতাক।

এই বিলাহীৰ বাবেই এতিয়া পৰিয়ালত সংঘাতৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে । এই আশ্বয্যজনক ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ শ্বাহডোলত । বিলাহীৰ বাবেই পত্নীয়ে এৰি গ'ল স্বামীক। 

উল্লেখ্য যে, সন্দীপ বুৰ্মান নামৰ লোকজনে খাদ্য তৈয়াৰ কৰাৰ সময়ত দুটা বিলাহী ব্যৱহাৰ কৰাৰ বাবে পত্নী আৰতী বুৰ্মানে এৰি যায় তেওঁক। ইয়াৰ পাছতে আৰক্ষীৰ ওচৰ চাপিছিল সন্দীপ  বুৰ্মানই । 

লগতে আৰক্ষীক তেওঁক কয় যে, ছোৱালীৰ সৈতে তেওঁৰ পত্নী ঘৰৰ পৰা ওলাই গৈছে। তিনিদিন ধৰি কোনা খবৰ নোপোৱাত অৱশেষত আৰক্ষীৰ ওচৰ চাপিছে সন্দীপে। তেওঁ কয় যে, খাদ্যত বিলাহী ব্যৱহাৰ কৰাক লৈ পত্নীৰ সৈতে তেওঁৰ কাজিয়া হৈছিল। যাৰ পাছত তেওঁক এৰি যায়।

ইয়াৰ পাছতে আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ। আৰক্ষীয়ে ঘটনাটোত হস্তক্ষেপ কৰি সন্দীপ আৰু আৰতীক বুজাইছিল। আৰক্ষীয়ে জনাইছে যে শীঘ্ৰেই আৰতী ঘৰলৈ ঘূৰি আহিব সন্দীপৰ ওচৰলৈ।
 

Category
Profile picture for user UB Photos