কেতিয়াবা নহয় কেতিয়াবা নিশ্চয় আপোনাৰ মোবাইলটোও বৰষুণত তিতিছে; বৰষুণত মোবাইলটো তিতিলে আপুনি কি কৰিব? জানি থওক কেইটামান Tips.....

mbl

বৰ্তমান সময়ত মোবাইল ফোন আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। মোবাইল ফোন অবিহনে আমি এক ছেকেণ্ডো পাৰ কৰিব নোৱাৰো। ইফালে বৰষুণৰ বতৰত বাহিৰলৈ গ'লে মোবাইল ফোনটো ক’ত থ’ম, কেনেকৈ থ’ম সেইবোৰ ভাবিয়েই মূৰটো গৰম হৈ উঠে।

গতিকে আহক জানো বৰষুণত মোবাইলটো তিতিলে আপুনি কি কৰিব? আমাৰ আছে কেইটামান Tips......

১. মোবাইল ফোনটোৰ ভিতৰত পানী সোমালে চিন্তা নকৰিব। লগে লগে চাউলৰ টেমাত মোবাইলটো থৈ দিব। কমেও ৩-৪ ঘন্টা মোবাইল ফোনটো চাউলৰ মাজত থৈ দিলে পানীখিনি শুকাই যাব।

mbl

২. বৰষুণৰ দিনকেইটাত ওলাই যাওঁতে পলিথিন লৈ যাব লাগে। বৰষুণ আৰম্ভ হ’লে ফোনটো পলিথিন পেকেটৰ ভিতৰত থৈ দিব লাগে। ইচ্ছা কৰিলে জিপাৰ লক বেগ ব্যৱহাৰ কৰিব পাৰে। বৰষুণ আৰম্ভ হ’লে ফোনটো বেগৰ ভিতৰত থৈ জিপ লক কৰি দিব পাৰি।

৩. ফোনটো পানীৰ পৰা ৰক্ষা কৰিবলৈ ৱাটাৰপ্ৰুফ কভাৰ ব্যৱহাৰ কৰিব পাৰে। ৱাটাৰপ্ৰুফ কভাৰৰ ভিতৰত ফোনটো ৰাখিলে ফোনটো তিতি যোৱাৰ চিন্তা কৰিব নালাগে। এই কভাৰ থাকিলে বৰষুণটো ফোনটো ব্যৱহাৰ কৰিব পাৰিব ।

mbl

৪. কোনো কাৰণত ফোনৰ ভিতৰত পানী সোমালে লগে লগে ফোনটো বন্ধ কৰি দিব। তাৰ পিছত শুকান কাপোৰেৰে ফোনটো ভালদৰে মচি দিব। প্ৰথমে ফোনটো বন্ধ কৰি দিব লাগে যাতে ফোনত পানী সোমাই শ্বৰ্ট চাৰ্কিট নহয়।

৫. মোবাইল ফোনটো যদি কোনো কাৰণত তিতি যায় তৎক্ষণাত চাৰ্জত নবহাব। তিতি থকা অৱস্থাত চাৰ্জ কৰাটো বিপদজনক হ’ব পাৰে। গতিকে সম্পূৰ্ণ শুকান হোৱাৰ পিছতহে ফোনটো চাৰ্জত দিয়ক।

Category