জন্মদিন বুলিলে সকলোতকৈ দামী উপহাৰটো দিবলৈ মন যায়ে দিয়কচোন, সেয়েহে উপহাৰ হিচাপে দুইকিলো বিলাহী....

gift

বন্ধুৰ জন্মদিনত বিলাহী উপহাৰ দিলে বন্ধুৱে । কিয়নো বৰ্তমান সময়ত বজাৰৰ আটাইতকৈ মৃল্যৱান বস্তুবিধ হৈছে বিলাহী । এতিয়া বজাৰত প্ৰতিকিলো বিলাহীৰ দাম ১৬০ টকা । সেয়েহে বন্ধুৰ জন্মদিনত বিলাহী উপহাৰ দি মূল্যবৃদ্ধিৰ অভিনৱ প্ৰতিবাদ ।

অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ সাংগঠনিক সাধাৰণ সম্পাদক ইফটিকাৰ হুছেইনৰ ১০ জুলাইত জন্মদিন আছিল ৷ জন্মদিনৰ উপলক্ষে তেওঁ এসাজ খোৱাওঁ বুলি সন্ধিয়া বন্ধুবৰ্গক তেওঁৰ ঘৰলৈ মাতে ৷ কেকৰ পৰা আদি কৰি ইজনে সিজনে নানান উপহাৰ দিয়ে তেওঁক ।

তাৰ মাজতে জাতীয় যুৱ শক্তিৰ তথ্য প্ৰযুক্তি সম্পাদক দেৱজিৎ ভৰালীৰ নেতৃত্বত সংগঠনটোৰ অমন হাজৰিকা, ছাইফুল ইছলাম, অসীম কাকতী আহিল সতীৰ্থৰ জন্মদিন উপলক্ষ্যে,  হাতত উপহাৰ হিচাপে লৈ আহিল দুই কিলো বিলাহী । 

gift

উল্লেখ্য যে, জন্মদিনত উপহাৰ হিচাপে অনা বিলাহীৰ টোপোলাটো বন্ধু ইফটিকাৰলৈ আগবঢ়াই তেওঁলোকে ক'লে,"বজাৰত বিলাহীৰ দাম এতিয়া ১৬০ টকা কিলো ৷ বজাৰত এইবিধ সামগ্ৰীয়ে আটাইতকৈ দামী ৷ জন্মদিনত দামী বস্তু হিচাপে এইপদ সামগ্ৰীকে উপহাৰ হিচাপে আগবঢ়ালো; গ্ৰহণ কৰি কৃতাৰ্থ কৰিব ৷"

বন্ধুৰ জন্মদিনত বন্ধুবৰ্গই খুহুঁতীয়া পৰিৱেশ সৃষ্টিৰ উদ্দেশ্যে বিলাহী উপহাৰ দি ব্যতিক্ৰমী কাম এটা কৰিলে যদিও ই বৰ্তমানৰ পৰিৱেশ আৰু চৰকাৰৰ অসহায় অৱস্থাৰ প্ৰতি যে এক নিদাৰুণ ৰাজনৈতিক বিদ্ৰূপ, সেয়া স্পষ্ট ৷

Category
Profile picture for user UB Photos