পিয়াহৰ পানী টুপিৰ বাবে এতিয়া হাহাকাৰ কৰিব লাগিব মহানগৰবাসীয়ে!...

water

অতীতৰে পৰা গুৱাহাটীবাসীৰ কেৱল এটাই সমস্যা; সেইটো হৈছে পানী । বিভিন্ন সমস্যাৰে জৰ্জৰিত মহানগৰবাসীৰ প্ৰকৃত আৰু প্ৰধান সমস্যা হৈছে পানী; লাগিলে সেয়া খোৱা পানীয়ে হওঁক বা কৃত্ৰিম বানপানীৰ ক্ষেত্ৰতে হওঁক । 

North Ghy

জানিব পৰা মতে, এতিয়া কেৱল এটুপি খোৱা পানীৰ বাবেই হাহাকাৰ কৰিব লাগিব উত্তৰ গুৱাহাটীবাসীয়ে । বিগত চাৰি দিনে নগৰ পানী যোগান আঁচনিৰ পানী যোগান বন্ধ থকাত চৰম অসুবিধাৰ সন্মুখীন হৈছে উত্তৰ গুৱাহাটীবাসী । 

North Ghy

উল্লেখ্য যে, জনস্বাস্থ্য কাৰিকৰী বিভাগ গুৱাহাটী সংমণ্ডৰ অধীনৰ উত্তৰ গুৱাহাটী নগৰ পানী যোগান আঁচনি বিগত কেইবা বছৰ ধৰি এক ভেকোভাওনাত পৰিণত হৈছে । এসপ্তাহ পানী বন্ধ থকাৰ পিছত পুনৰ আকৌ একেই অৱস্থা নগৰবাসীৰ । পানী যোগান ব্যৱস্থা বন্ধ থকাত পানী ক্ৰয় কৰি জুৰুলা হৈছে ৰাইজ । 

পানীৰ দৰে অত্যাবশ্যকীয় সেৱা বন্ধ থকাৰ পিছতো কিয় নিৰবে আছে প্ৰশাসন? এই প্ৰশ্ন উত্তৰ গুৱাহাটীবাসীৰ...
 

Category
Profile picture for user UB Photos