খুবেই ভয়ংকৰ আৰু মৰ্মান্তিক! এখন ট্ৰাকে খুন্দিয়ালে ৪খনকৈ গাড়ীক ; থিতাতে নিহত ১০জন.......

accident

মহাৰাষ্ট্ৰৰ ধুলে জিলাৰ শিৰপুৰ তালুকাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণহীন কণ্টেনাৰ ট্ৰাকে প্ৰথমে ৪খন গাড়ীত খুন্দা মাৰে  আৰু তাৰ পিছত হাইৱে’ত থকা এখন হোটেলত সোমাই যায়। PTIৰ অনুসৰি, দুৰ্ঘটনাটোত ১০ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লয়।

accident

আনহাতে, ২৮ গৰাকীতকৈও অধিক লোক গুৰুতৰভাবে আহত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাত। দুৰ্ঘটনাটোৰ খবৰ পোৱা মাত্ৰকেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰে।

accident

উল্লেখ্য যে, হোটেলখনত ৰৈ যাত্ৰীসকলে আহাৰ গ্ৰহণ কৰি আছিল। ঘটনাস্থলীত উপস্থিত থকা লোকসকলে জানিবলৈ দিয়া অনুসৰি দ্ৰুতগতিত অহা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই হোটেলত সোমাই যায়। ইয়াৰ পিছতে নিৰহ যাত্ৰীসকলৰ মাজত চিঞৰ-বাখৰ আৰম্ভ হৈ যায়।

accident

আনহাতে, আহতসকলক শিৰপুৰ আৰু ধুলেৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাটো দুপৰীয়া প্ৰায় ১২ বজাত সংঘটিত হয়। এই দুৰ্ঘটনাটোৰ চিচিটিভি ফুটেজো পোহৰলৈ আহিছে। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন মধ্যপ্ৰদেশৰ তৰফৰ পৰা ধুলেৰ ফালে আহি আছিল।

এটা সপ্তাহতে দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা । ইয়াৰ পূৰ্বে মধ্যপ্ৰদেশৰে সমৃদ্ধি এক্সপ্ৰেছ ৱে’ত বাছত ভয়ংকৰ জুই লাগিছিল। মহাৰাষ্ট্ৰৰ মুম্বাই-নাগপুৰ এক্সপ্ৰেছ ৱে’ত এখন ব্যক্তিগত বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই ভয়ংকৰ দুৰ্ঘটনাটোত ৩৩ গৰাকী লোকৰ ভিতৰত ২৫ গৰাকী লোকৰ কৰুণ মৃত্যু ঘটিছিল।
 

Category
Profile picture for user UB Photos