মৃত্যু হৈও অমৰ সুদক্ষিণা শৰ্মা; যশস্বী কণ্ঠশিল্পী গৰাকীয়ে দান কৰি গ'ল "মৰণোত্তৰ দেহ"...

 Sudakshina Sharma

মৃত্যুৰ পিছতো অৱদান আগবঢ়ালে যশস্বী কন্ঠশিল্পী সুদক্ষিণা শৰ্মাই । আজীৱন মানৱতাৰ হকে কণ্ঠ নিগৰোৱা কণ্ঠশিল্পীগৰাকীয়ে দান কৰি গ’ল মৰণোত্তৰ দেহো।

 Sudakshina Sharma

উল্লেখ্য যে, নিজৰ চকুযুৰি অন্ধ মানুহক দান কৰি যোৱাৰ লগতে সম্পূৰ্ণ দেহো কৰি গ’ল দান । আজি পুৱা ৮ বাজি ২৫ মিনিটত যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাই ত্যাগ কৰে এই সংসাৰ । অসমীয়া সংগীত জগতত দীৰ্ঘপৰিক্ৰমাৰে বিশেষ অৱদান আগবঢ়োৱা যশস্বী কণ্ঠশিল্পী সুদক্ষিণ শৰ্মাৰ বিয়োগত ম্ৰিয়মাণ ৰাজ্যবাসী ।

 Sudakshina Sharma

জানিব পৰা মতে, ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে সুদক্ষিণা শৰ্মাই মৰণোত্তৰ অংগদানৰ ইচ্ছাপত্ৰত স্বাক্ষৰ কৰিছিল। সুদক্ষিণা শৰ্মাৰ ইচ্ছাৰ প্ৰতি সন্মান জনায় আজি তেওঁৰ চকুযুৰি গ্ৰহণ কৰা হয়। এই কাৰ্যৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে অভিজিৎ শৰ্মাই লগতে তেওঁ কয় যে বিশিষ্ট  কণ্ঠশিল্পীগৰাকীৰ এই কাৰ্যৰ দ্বাৰা দুজন কৰ্ণিয়াজাত অন্ধ মানুহে পৃথিৱীৰ পোহৰ দেখিবলৈ সক্ষম হ’ব।

সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা সুদক্ষিণা শৰ্মাৰ মৃতদেহ শৰণীয়াৰ ঘৰলৈ অনা হৈছে। ইয়াৰ পিছত তেওঁৰ মৰণোত্তৰ দেহ হাস্পতালখনে গ্ৰহণ কৰিব।

সুদক্ষিণা শৰ্মাৰ মৃত্যুত অসমৰ সংগীত জগতৰ যেন এটি যুগৰ অৱসান ঘটিল। তেওঁৰ মৃত্যুত সমগ্ৰ অসমৰ সংগীত ক্ষেত্ৰখনৰ লগতে সাংস্কৃতিক তথা সামাজিক ক্ষেত্ৰখনতো গভীৰ শোকৰ ছাঁ পৰিছে ।

Category
Profile picture for user UB Photos