ৰাজ্যত পুনৰ পাদুৰ্ভাৱ জাপানীজ এনকেফেলাইটিছৰ; সংকটজনক এজন যুৱক........

Japanese encephalitis

বাৰিষা অহাৰ লগে লগে ৰাজ্যত পুনৰ পাদুৰ্ভাৱ হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ । আমগুৰিত এনকেফেলাইটিছৰ পাদুৰ্ভাৱ ।

Japanese encephalitis

জানিব পৰা মতে, দেওধাই পথৰুৱা চুকৰ ৰম্পুৰাজ ফুকন(৩৫) নামৰ যুৱকজন আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত । বৰ্তমান সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে ৰম্পুৰাজ ফুকন ।

Rimpu Raj

উল্লেখ্য যে, বাৰিষা অহাৰ লগে লগে অসমত জাপানীজ এনকেফেলাইটিছ ৰোগৰ পাদুৰ্ভাৱ বৃদ্ধি হোৱা পৰিলক্ষিত হয়। যোৱা বছৰো দেওধাই গাঁৱত এগৰাকী কিশোৰী জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল।
তেনেদৰে থিক এইবছৰো বাৰিষা অহাৰ লগে লগে দেওধাই গাঁৱত এই ৰোগৰ পাদুৰ্ভাৱ হোৱাত আতংকিত হৈ পৰিছে অঞ্চলবাসী।

আনহাতে, ম'ৰাবজাৰ স্বাস্থ্য বিভাগে অঞ্চলবাসীক সজাগ কৰাৰ বাবে যি ধৰণৰ ব্যৱস্থা ল'ব লাগিছিল তেনে কোনো সজাগতামূলক ব্যৱস্থা নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। প্ৰশাসন আৰু স্বাস্থ্য বিভাগক বিহিত ব্যৱস্থা গ্ৰহণৰ আহবান ৰাইজৰ ।

Category