হেৰাই গ'ল এক সুমধুৰ কন্ঠ, অন্ত পৰিল এক কাহিনী! বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মা আৰু নাই......

sudakhina

অসমবাসীয়ে আৰু কেতিয়াও শুনিবলৈ নাপায় সেই সুমুধুৰ কণ্ঠ ।  GMCHত শেষ নিশ্বাস ত্যাগ সুদক্ষিণা শৰ্মাৰ। নিউম’নিয়া ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী। আজি পুৱা ৮ বাজি ২৫ মিনিটত  ৮৯ বছৰীয়া সুদক্ষিণা শৰ্মাই মৃত্যুক সাৱটি লয় । সুদক্ষিণা শৰ্মাৰ মৃত্যুত সমগ্ৰ অসমৰ সংগীত ক্ষেত্ৰৰ লগতে সাংস্কৃতিক আৰু সামজাকি ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে।

sudakhina

১৯৩৪ চনৰ ৮ আগষ্টত জন্ম হৈছিল ড০ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী সুদক্ষিণা শৰ্মা । সুদক্ষিণা শৰ্মাৰ জন্মসূত্ৰে নাম আছিল নিৰুপমা হাজৰিকা। ঘৰত তেওঁক সকলোৱে মৰমতে কুইন বুলি । সেয়েহে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ নাম দিছিল কুইন হাজৰিকা।

উল্লেখ্য যে, অতি বিনয়ী আৰু হাঁহিমুখীয়া স্বভাৱৰ বাবে শহুৰেক দীননাথ শৰ্মাই কুইন হাজৰিকাৰ নাম দিছিল সুদক্ষিণা। তাৰ পাছৰ পৰাই তেওঁ সুদক্ষিণা শৰ্মা নামেৰে পৰিচিত হৈ পৰে।

sudakhina

আনহাতে, ১০ বছৰ বয়সতে কলকাতাত ‘নাহৰ ফুলে নুশুৱাই’ গীতটো বাণীবদ্ধ কৰিছিল সুদক্ষিণা শৰ্মাই। কণ্ঠদান কৰিছিল ‘বিশ্বৰ ছন্দে ছন্দে’ সহ বহু কালজয়ী গীতত। ২০০২ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰাৰ লগতে ২০০৮ চনত লিঅ’ এক্সপ’ সন্মান, ২০১০ চনত লাভ কৰিছিল ‘চাতক’ সন্মান । ১৯৪৭ চনত, পানবজাৰৰ জুবিলী গাৰ্ডেনলৈ মহাত্মা গান্ধী আহোঁতে তেওঁ ‘এ জয় ৰঘু নন্দন’ গীত পৰিৱেশন কৰিছিল।

উল্লেখ্য যে, সংগীতক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০২ চনত, সুদক্ষিণা শৰ্মাই স্বামী দিলীপ শৰ্মাৰ সৈতে লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা।
 

Category
Profile picture for user UB Photos