সদ্যপ্ৰয়াত জোনালী নাথৰ কন্যা ধৃতিময়ীক পঢ়াৰ বাবে আৰ্থিক সাহায্য আগবঢ়ালে মন্ত্ৰী অশোক সিংঘলে..........

Jonali Nath

১২ জুন তাৰিখে ভাৰতীয় জনতা পাৰ্টীৰ গোৱালপাৰা জিলাৰ সম্পাদিকা জোনালী নাথক নৃশংসভাৱে হত্যা কৰি ৰাজপথত পেলাই থৈছিল মৃতদেহ। প্ৰেমজনিত কাৰণতে জোনালী নাথক হত্যা কৰাৰ সন্দেহ ।

Jonali Nath

সদ্যপ্ৰয়াত জোনালীৰ জ্যেষ্ঠ কন্যা ধৃতিময়ী নাথৰ পঢ়াৰ খৰচৰ বাবে আৰ্থিক সাহায্য আগবঢ়ালে মন্ত্ৰী অশোক সিংঘলে। আজি জোনালী নাথৰ বাসগৃহত উপস্থিত হৈ ধৃতিময়ীৰ পঢ়াৰ খৰচৰ বাবে ১ লাখ ৪০ হাজাৰ টকা আগবঢ়ালে মন্ত্ৰীগৰাকীয়ে । ধৃতিময়ী বৰ্তমান বিএছচি নাৰ্ছিঙৰ ছাত্ৰী ।

Ashok Singhal

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে জোনালী নাথক নৃশংসভাৱে হত্যা কৰি ৰাজপথত পেলাই থৈছিল মৃতদেহ। ইতিমধ্যে জোনালী নাথৰ হত্যাকাণ্ডৰ দুই অভিযুক্ত আৰক্ষীৰ জালত পৰিছে। এই ঘটনাই সমগ্ৰ অসমত চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

Category
Profile picture for user UB Photos