এজনে নহয় দুজনে হত্যা কৰিছিল জোনালী নাথক! মৰাপাটৰ খেতিৰ মাজৰ পৰা গ্ৰেপ্তাৰ আনজন অভিযুক্তক

Jonali Nath

বিজেপী নেত্ৰী জোনালী নাথ হত্যাকাণ্ডত জড়িত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হ'ল আজিবুৰ ৰহমান নামৰ অভিযুক্তজন। গোৱালপাৰাৰ মাটিয়াৰ পৰা গ্ৰেপ্তাৰ আজিবুৰক। মৰাপাটৰ খেতিৰ মাজত লুকাই থকা অৱস্থাত গ্ৰেপ্তাৰ আজিবুৰক। আজিবুৰ ৰহমানৰ সৈতে মিলি জোনালীক হত্যা কৰিছিল হাছানুৰ ইছলামে। হাছানুৰৰ স্বীকাৰোক্তিৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰে আজিবুৰক। আজিবুৰৰ বিৰুদ্ধে আছে বহু অপৰাধজনিত ঘটনাত জড়িত থকাৰ তথ্য।

উল্লেখযোগ্য যে গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা জোনালী নাথক হত্যা কৰি ৰাজপথত পেলাই থৈছিল মৃতদেহ। কৃষ্ণাইৰ শালপাৰাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ১২ মে'ৰ নিশাৰ ভাগত উদ্ধাৰ হৈছিল বিজেপি নেত্ৰীগৰাকীৰ মৃতদেহ ৷ 

Category