ক্ষিপ্ৰগতিত তদন্ত চলিছে গোৱালপাৰা জিলাৰ বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডৰ। শেহতীয়াকৈ আৰক্ষীয়ে হত্যাকাৰী হাছানুৰৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে এখন ডায়েৰী। লগতে উদ্ধাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহাৰ কৰা কাঠৰ টুকুৰা।
হত্যাকাণ্ডত ব্যৱহাৰ কৰা কাঠৰ টুকুৰাৰ উদ্ধাৰে এই হত্যাকাণ্ড পৰিকল্পিত আছিল বুলি প্ৰমাণ কৰিব পাৰে। তথ্য অনুসৰি হত্যাকাৰী হাছানুৰে পূৰ্বপৰিকল্পিতভাৱে গাড়ীৰ ভিতৰতে ৰাখিছিল কাঠৰ টুকুৰাটো। উল্লেখ্য, প্ৰথমতে আৰক্ষীক দিয়া স্বীকাৰোক্তি মতে গাড়ীত কোনো কথাত বাকবিতণ্ডা হোৱাৰ বাবে হাছানুৰে আক্ৰমণ কৰাৰ ফলতে জোনালীৰ মৃত্যু হৈছিল বুলি প্ৰকাশ পাইছিল। মূৰৰ পাছফালে মৰিয়াই হত্যা কৰা বুলি স্বীকাৰ কৰিছিল হাছানুৰে।
- Log in to post comments