প্ৰসংগঃ বিজেপী নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ড। ইটোৰ পিছত সিটো তথ্য উদঘাটন জোনালী নাথৰ হত্যাকাণ্ডৰ। হত্যাকাৰী হাছানুৰ ইছলামৰ বিস্ফোৰক স্বীকাৰোক্তিৰ পিছতে অধিক ৰহস্যঘন হৈ পৰিছিল নেত্ৰী গৰাকীৰ হত্যাকাণ্ডৰ ঘটনা। হাছানুৰৰ ভাষ্য- জোনালী আৰু হাছানুৰৰ আছিল প্ৰেমৰ সম্পৰ্ক। হত্যাকাৰীৰ স্বীকাৰ অনুসৰি সোমবাৰে সমগ্ৰ ঘটনাক লৈ এখন সংবাদমেল দি অপৰাধ অনুসন্ধান শাখাৰ আই জি পি দেৱৰাজ উপাধ্যায়ে পৰকীয়া প্ৰেমৰ পৰিণতিত এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি কৈছিল৷ একমাত্ৰ হত্যাকাৰী হাছানুৰ ইছলামৰ ভাষ্যৰ ভিত্তিতে চি আই ডিৰ IGP দেৱৰাজ উপাধ্যায়ে মৃত জোনালী নাথৰ চৰিত্ৰ হনন কৰাৰ অভিযোগ আনিছে এতিয়া জোনালীৰ পৰিয়ালে৷
মঙলবাৰে মাটিয়া আৰক্ষী থানাত CIDৰ IGP দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে স্বামী চন্দ্ৰ কুমাৰ নাথে৷ এজাহাৰকাৰী স্বামী চন্দ্ৰ কুমাৰ নাথে এজাহাৰত এই হত্যাকাণ্ডৰ ঘটনাক আৰক্ষী বিষয়াগৰাকীয়ে বিপথে পৰিচালিত কৰাৰ অভিযোগ আনিছে৷ লগতে স্বামী চন্দ্ৰ কুমাৰ নাথৰ মতে হত্যাকাৰীয়ে বাহন এখন চলাই গৈ থকা অৱস্থাত খালী হাতেৰে অকলে জোনালী নাথক কেনেকৈ হত্যা কৰিলে বুলি প্ৰশ্ন কৰিছে৷ লগতে পৰকীয়া প্ৰেমৰ পৰিণতিত এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সংবাদমেলত আই জি পি গৰাকীয়ে উল্লেখ কৰাৰ আপত্তি দৰ্শাই স্বামী চন্দ্ৰ কুমাৰ নাথে পত্নীৰ চৰিত্ৰ সম্পৰ্কে গাঁৱৰ লোকক সোধা-পোছা কৰিবলৈ এজাহাৰৰ যোগেদিয়েই আহ্বান জনাইছে।
পৰিয়ালটোৱে জোনালী নাথৰ চৰিত্ৰত তিলমানো সন্দেহৰ অৱকাশ নাই বুলি মন্তব্য কৰি IGP গৰাকীৰ বক্তব্যই পৰিয়ালটোৰ মান সন্মান হানি কৰাৰ লগতে দুই জীয়ৰীৰ ভৱিষ্যত নষ্ট হ'ব বুলিও আশংকা কৰিছে৷ এজাহাৰৰ যোগেদিয়েই পৰিয়াল আৰু ৰাইজৰ ওচৰত শীঘ্ৰেই আৰক্ষী বিষয়া দেৱৰাজ উপাধ্যায়ে ক্ষমা খোজাৰো দাবী জনাইছে জোনালী নাথৰ পৰিয়ালে।
- Log in to post comments