অপৰাধে যেন লগ নেৰা হৈছে অসমক। ইটোৰ পিছত সিটো হত্যাকাণ্ডই জোকাৰিছে অসমক। শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টীৰ গোৱালপাৰা জিলাৰ সম্পাদিকা জোনালী নাথৰ হত্যাকাণ্ডই তোলপাৰ লগাইছে অসমত। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বিজেপি নেত্ৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল। শনিবাৰে সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল নেত্ৰী গৰাকী। ইতিমধ্যে হত্যাকাৰী হাছানুৰ ইছলামক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ সন্মুখত হত্যাৰ স্বীকাৰ হাছানুৰৰ। মূৰৰ পিছফালে মৰিয়াই হত্যা কৰিছিল জোনালী নাথক। হাছানুৰৰ গাড়ীৰ ভিতৰত হত্যা কৰা হৈছিল জোনালীক নাথক। কিন্তু এতিয়া প্ৰশ্ন হয় হত্যাকাৰীৰ স্বীকাৰোক্তিৰ পিছতো হাৰি যাব নেকি হাছানুৰ। ন্যায় পাব নে বিজেপিৰ নেত্ৰী জোনালী নাথে?
- Log in to post comments