জুবিন গাৰ্গৰ ব্যৱসায়িক প্ৰতিষ্ঠানত টিন কাটি সোমাল চোৰ; নিলে তিনিটা প্ৰেছাৰ কুকাৰ আৰু খাই গল দুটা আমূল কুল

Zubeen Garg

যুৱ প্ৰজন্মৰ হাৰ্ট-থ্ৰৱ জুবিন গাৰ্গৰ ব্যৱসায়িক প্ৰতিষ্ঠানত টিন কাটি সোমাল চোৰ। চোৰে লৈ গ'ল তিনিটা প্ৰেছাৰ কুকাৰ সহ প্ৰায় ৭ হাজাৰ টকাৰ বস্তু। লগতে খাই গ'ল দুটা আমূল কুল। চুৰি কাৰ্য দেখি জুবিন গাৰ্গে কয়- 'মই সিঁহতক ধৰা পেলালে পিটিম! কাৰণ চুৰ কৰিছ যদি ভালকৈ কৰ। তিনিটা প্ৰেছাৰ কুকাৰ নিয়ে নেকি? মোক বিচৰা হেতেন মইয়ে দি দিলো হয়। টিন পাত কাটি সোমাইছে, ওপৰৰ পৰা পৰি ঠেং ভঙা হ'লে হাস্পতালত ময়ে চাবলগীয়া হ'লহেতেন'।
 

Category
Profile picture for user UB Photos