জাইকা গাঁতৰ বাবে প্ৰাণ হেৰুওৱা প্ৰিয়া কুমাৰীৰ অহা ১৬ জুনত আছিল জন্মদিন

Priya

মহানগৰীৰ গণেশগুৰিৰ শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱালে মেধাৱী ছাত্ৰী প্ৰিয়া কুমাৰীয়ে। স্কুল বাছৰ খুন্দাত থিতাতে মৃত্যু হয় একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ। ভগ্নীৰ সৈতে স্কুটীৰে স্কুললৈ আহি থকাৰ সময়তে স্কুল বাছে মহতিয়াই নিয়ে স্কুটীখন। প্ৰিয়াৰ ঘৰ আছিল হেঙেৰাবাৰীত। লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী আছিল প্ৰিয়া। 
মেধাৱী ছাত্ৰী প্ৰিয়া কুমাৰীৰ জন্ম হৈছিল ১৬-০৬-২০০৫ চনত। অহা ১৬ জুনত জন্মদিন আছিল ছাত্ৰী গৰাকীৰ। প্ৰিয়াৰ মৃত্যুত নিমাওমাও অঞ্চল। শোকত ভাগি পৰিছে পৰিয়াল। 
উল্লেখ্য যে প্ৰত্যক্ষদৰ্শীৰ অভিযোগ পথৰ কাষত খান্দি থোৱা গাঁতৰ বাবেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।


 

Category
Profile picture for user UB Photos