মৰ্মান্তিক, মহানগৰীত শোকাৱহ পথ দুৰ্ঘটনা॥ থিতাতে নিহত ৭ গৰাকী ছাত্ৰ

Student

মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা । 

তিব্ৰবেগী মহিন্দ্ৰা স্কৰ্পিঅৰ প্ৰচণ্ড খুন্দা বলেৰ পিক আপ ভানত । 

দুৰ্ঘটনাত থিতাতে নিহত ৭ জন লোক । 

নিহত আটাইকেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ আৰু ৭ নম্বৰ হোষ্টেলৰ আৱাসী । 

নিহত ছাত্ৰ কেইজন ক্ৰমে কৌশিক মোহন, কৌশিক বৰুৱা, ৰাজ কিৰন ভূঞা, ইমন বৰুৱা, অৰিন্দম বাৱাল, উমাংশু শৰ্মা, নিয়ৰ ডেকা বুলি জানিব পৰা গৈছে । 

দুৰ্ঘটনা সংঘটিত হোৱা স্কৰ্পিঅখনৰ নম্বৰৰ AS-01-FK-9605   আৰু বলেৰ পিক আপ ভানখনৰ ন‌ম্বৰ AS-01-GC-8829 । 

বলেৰ পিক আপ ভানখনত থকা তিনিজন লোক গুৰুতৰ বাবে আহত।

স্কৰ্পিঅ বাহন সময়ত থকা ছাত্ৰসকলে অত্যাধিক সুৰাপান কৰি তিব্ৰবেগত ডিভাইডাৰৰ পাৰ হৈ আহি প্ৰচণ্ড খুন্দা মাৰে ব্ৰয়লাৰ পৰিবাহী বলেৰ ভানখনত ।  

ঘটনাস্থলীত আৰক্ষী উচ্চপদস্থ বিষয়া লগতে NDRF'ৰ দল উপস্থিত হৈ নিহত আৰু আহত সকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰে GMCH লৈ । 

সংকটজনক অৱস্থা বলেৰ পিক আপ ভানৰ চালক হেণ্ডিমেনসহ তিনিজনকৈ লোকৰ । 

ছাত্ৰ কেইজনে অত্যাধিক সুৰাপান কৰিছিল, স্কৰ্পিঅত উদ্ধাৰ হৈছে সুৰাৰ বটল । 

আৰক্ষীয়ে জব্দ কৰিছে সুৰাৰ বটল॥

Category
Profile picture for user UB Photos