এতিয়াও পোহৰলৈ অহা নাই SI জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য। জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অব্যাহত থকাৰ মাজতেই আজি জোনমণি ৰাভাৰ বাহনত খুন্দিওৱা ট্ৰাকচালক সুমিত কুমাৰে লাভ কৰিলে জামিন। ভাৰতীয় দণ্ডবিধিৰ ২৭৯/৪২৭/৩০৪ ধাৰাত সুমিতৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। জখলাবন্ধা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল সুমিত কুমাৰে। আত্মসমৰ্পণৰ পাছতে গ্ৰেপ্তাৰ কৰিছিল সুমিত কুমাৰক। জামিন লাভৰ পাছতেই উত্তৰ প্ৰদেশৰ বাসগৃহত উপস্থিত সুমিত।
Category
- Log in to post comments