পেটত অতিৰিক্ত চৰ্বি জমা হৈছে নেকি আপোনাৰ? সাৱধান ই লিভাৰৰ বাবে কঢ়িয়াই আনিব পাৰে ভয়ংকৰ বিপদ।

Health tips

বয়সৰ কোনো ব্যৱধান নথকাকৈ বিভিন্ন সময়ত মানুহৰ পেটত মেদ জমা হয় আৰু এই মেদবহুলতাই লিভাৰত প্ৰভাৱ পেলাব পাৰে। যাৰ বাবে লিভাৰে সঠিকভাৱে কাম কৰিব নোৱাৰা হৈ পৰে। মানুহৰ সাধাৰণ ধাৰণা যে সুৰাপান কৰাৰ ফলতে লিভাৰৰ অসুখ বা ক্ষতি হয়। বহুক্ষেত্ৰত দেখা যায় সুৰাপান নকৰা লোকো লিভাৰৰ বিভিন্ন ৰোগত আক্ৰান্ত হয় বা হোৱাৰ আশংকা থাকে। 
লিভাৰত মেদ জমা হ'লে তাৰ প্ৰভাৱ মনৰ ওপৰতো পৰে। ফলত মূৰৰ বিষ, মনৰ অৱসাদ, উদ্বেগ আদি কিছু উপসৰ্গই দেখা দিয়ে। 
কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়া হিচাপেও ফেটি লিভাৰ হ'ব পাৰে। এই ক্ষেত্ৰত ঔষধ খোৱাৰ আগতে লিভাৰৰ এনজাইম পৰীক্ষা কৰা উচিত। আনহাতে মহিলাৰ ক্ষেত্ৰত যেতিয়া হৰমনজনিত সমস্যাই দেখা দিয়ে। তেতিয়া যিকোনো ধৰণৰ ঔষধ সেৱন কৰিলে তাৰ প্ৰভাৱ লিভাৰত পৰে।

Category
Profile picture for user UB Photos