কি কি সিদ্ধান্ত গ্ৰহণ আজিৰ কেবিনেটত?  

Cabinet

আজি কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। চাও আহক ঘোষণা সমূহ-
১) গুৱাহাটীত নিৰ্মাণ হ'ব ভাৰতৰ দ্বিতীয় দীৰ্ঘতম উৰনিয়া সেতু। পানবজাৰৰ ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটিৰ FCI গুডামৰ সমীপলৈকে হ'বলগীয়া ৫.৪ কিলোমিটাৰৰ উৰণীয়া সেঁতু নিৰ্মাণৰ কাম অতি শীঘ্ৰেই আৰম্ভ হ'ব। চাৰিলেনযুক্ত হ'ব এই উৰণীয়া সেতুখন। ৮৫২.৬৮ কোটি টকাৰে নিৰ্মাণৰ নিবিদা আৰম্ভ হ'ব। 

২) ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ন কৰাৰ বাবে প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ত চানথালি ভাষাত অধ্যয়নৰ ব্যৱস্থা কৰা হ'ব। প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ত চানথালি ভাষাৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে বাবে লোৱা হৈছে এই পদক্ষেপ। 

৩)  আজিৰে পৰা জিলা সমূহত নাথাকিব Deputy Commissioner শব্দটো। Deputy Commissionerৰ ঠাইত District Commissioner নামেৰে জনাজাত হ'ব। 

৪) এতিয়াৰে পৰা DC সকলে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক  ৰদ-বদল কৰিব পাৰিব। 

৫) মাইক্ৰফাইনেঞ্চৰ তৃতীয় পৰ্যায়ৰ ধন দিব চৰকাৰে।

Category
Profile picture for user UB Photos