এটা নৃশংস হত্যাকাণ্ড। ২০১৪ চনৰ ৯ মে'ত সংঘটিত হৈছিল শিৱসাগৰৰ ডাঃ ছৰিতা তছনিৱালৰ হত্যাকাণ্ড। আজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হ'ব ছৰিতা হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান। ন্যায়ৰ বাবে ৯ বছৰ অপেক্ষা দুৰ্ভগীয়া পৰিয়ালটোৰ। সহকৰ্মী আৰু এজন ৱাৰ্ডবয় মিলি নিশা AMCH ত হত্যা কৰিছিল ছৰিতাক। পুৱা চিকিৎসালয়ৰ ICU কক্ষত উদ্ধাৰ হৈছিল ছৰিতাৰ মৃতদেহ। প্ৰসূতি বিভাগৰ স্নাতকোত্তৰ ছাত্ৰী আছিল ডাঃ ছৰিতা। হত্যাকাণ্ডৰ মূল অভিযুক্ত সহকৰ্মী দীপমণি শইকীয়াক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৱাৰ্ডবয় কিৰু মেছকো কৰা হৈছিল গ্ৰেপ্তাৰ। ঘটনাৰ তদন্ত প্ৰক্ৰিয়াক লৈ উঠিছিল বিভিন্ন প্ৰশ্ন। ৯ বছৰ ধৰি ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতত চলিছিল বিচাৰ। আদালতৰ চূড়ান্ত ৰায়লৈ অপেক্ষা এতিয়া ৰাজ্যবাসীৰ।
- Log in to post comments