'৪ গৰাকী পত্নী বিবাহ কৰাব নোৱাৰিব এজন লোকে! ৰাজ্য চৰকাৰে বন্ধ কৰিব বহু বিবাহ প্ৰথা'- মুখ্যমন্ত্ৰীৰ ঘোষণা।

CM

কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত সংবাদমেল সম্বোধন কৰি কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। অপৰাধ নিৰ্মূল হৈছে চৰকাৰৰ প্ৰথম পদক্ষেপ। শান্তি চুক্তিৰ ক্ষেত্ৰত বিশেষ সাফল্য চৰকাৰৰ। ২০২৩ৰ ভিতৰত আস্ফা প্ৰত্যাহাৰৰ পৰিকল্পনা চৰকাৰৰ। কৃষি অৰ্থনীতি সবল কৰাৰো লক্ষ্য চৰকাৰৰ। অচিৰেই প্ৰকাশ হ'ব  ক্ৰাইম এগেইনষ্ট অ'মেনৰ দাতা। ছাইবাৰ ক্ৰাইমৰ ক্ষেত্ৰতো কঠোৰ হ'ব চৰকাৰ। স্বাস্থ্যৰ ক্ষেত্ৰতো চৰকাৰৰ বিশেষ পদক্ষেপ। কাজিৰঙাত এলিভেটেত কৰিড'ৰ স্থাপনৰ সিদ্ধান্ত। মহিলা সৱলীকৰণতো পদক্ষেপ কৰিব চৰকাৰে। অসমৰ ঐতিহ্য-সংস্কৃতি ৰক্ষাত বদ্ধপৰিকৰ চৰকাৰ। এতিয়াৰে পৰা এজাহাৰ দিবলৈ যাব নালাগে  আৰক্ষী থানালৈ। আৰক্ষীৰ এপতে দিব পাৰিব এজাহাৰ। শীঘ্ৰেই আৰম্ভ হ'ব এজাহাৰ দাখিলৰ নতুন ব্যৱস্থা। ৰাজ্য চৰকাৰে বন্ধ কৰিব বহু বিবাহ প্ৰথা। ৪ গৰাকী পত্নী বিবাহ কৰাব নোৱাৰিব এজন লোকে! বাল্য বিবাহৰ বিৰুদ্ধেও অধিক কঠোৰ হ'ব চৰকাৰ। 

Category
Profile picture for user UB Photos