বমি চেলেকাইছিল দুই কণমানিক! বিচনাত প্ৰস্ৰাৱ কৰিলে দিছিল চৰম শাস্তি আৰু কণমানিৰ কান্দোনত আনন্দিত হৈছিল ডাঃ সংগীতা দত্ত!!!

Sangeeta

আৰু কিমান ক'লা অধ্যায় খোল খাব গুৱাহাটীৰ চিকিৎসক দম্পতীৰ? সংগীতা দত্তৰ বাসগৃহৰ চিচি টিভি ফুটেজত ওলাই পৰিছে চিকিৎসক দম্পতীৰ পাশৱিকতাৰ ভয়ংকৰ তথ্য। জানিব পৰা মতে, শিশু দুটিয়ে বমি কৰিলে সেই বমিকে শিশু দুটিক চেলেকিবলৈ বাধ্য কৰাইছিল সংগীতা দত্তই। বিচনাত প্ৰস্ৰাৱ কৰিলে দিছিল চৰম শাস্তি। শিশু দুটিৰ চকুত সানিছিল জলকীয়া গুৰি। বন কৰা মহিলা কাবাইৰ মন্তব্যৰ মতে- সংগীতা দত্তৰ কথা মতেই দুই বন কৰা মহিলাই মাৰ-ধৰ কৰিছিল দুই তোলনীয়া সন্তানক। কেৱল এয়াই নহয় শিশুদুটিৰ কান্দোনত আনন্দ লাভ কৰিছিল সংগীতাই। চিচি টিভিত বন্দী হৈছে আতিশয্যৰ কথোপকথন। প্ৰতিটো চিচিটিভিৰ ভিজুৱেল পৰীক্ষা কৰিব আৰক্ষীয়ে। অধিক ভয়ংকৰ তথ্যও উদ্ধাৰ হোৱাৰ সম্ভাৱনা। বৰ্তমান আৰক্ষীৰ জিম্মাত আছে চিকিৎসক দম্পতী। 

Category