জঘন্য কাণ্ড কৰিও অনুশোচনাত ভুগা নাই সংগীতা দত্ত! থানাত বাৰে বাৰে উৎপাত চেলিব্ৰেটি চিকিৎসকৰ !!  

Sangeeta

মনোৰোগ বিশেষজ্ঞ ডা সংগীতা দত্তক চিনি নোপোৱা মানুহ হয়তো নুলাব। সু-ব্যক্তিত্ব  আৰু এগৰাকী মনোৰোগ বিশেষজ্ঞ হিচাপে ৰাজ্যত সুনাম আছিল ডাঃ সংগীতা দত্তৰ। কিন্তু এসময়ৰ সু-নামৰ অধিকাৰী ডাঃ সংগীতা দত্ত এতিয়া হৈ পৰিছে 'ভিলেইন'। আপুনি ভাবিব নোৱাৰা কাণ্ডত জড়িত থকাৰ অভিযোগ চিকিৎসক দম্পত্তি ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বিৰুদ্ধে। তোলনীয়া দুই কণমানিক নিৰ্যাতন চলাইছিল দম্পত্তিটোৱে। তাতোকৈ ভয়ংকৰ তথ্য হ'ল স্বাস্থ্য পৰীক্ষাত যৌন নিৰ্যাতনৰো প্ৰমাণ পাইছিল কণমানি দুটিৰ। কিন্তু ইমান নিৰ্মম,জঘন্য কাণ্ড কৰিও যেন অনুশোচনাত ভুগা নাই সংগীতা দত্ত। থানাত উদ্ভণ্ডালি কৰাৰ লগতে আৰক্ষীকো হাৰাশাস্তি কৰে দত্তই। লক-আপৰ পৰা উলিয়াই দিবলৈ চিঞৰ–বাখৰ লগাই সংগীতাই। আনহাতে স্বামী ডাঃ ৱালিউলে ভাগৱত পাঠ কৰিছে আৰক্ষী থানাত। উল্লেখ্য যে এতিয়া মুখ্যমন্ত্ৰীৰ নিৰীক্ষণত এই শিশু নিৰ্যাতনৰ ঘটনা। ৬ মাহৰ ভিতৰতে সম্পূৰ্ণ ঘটনাৰ ন্যায় সম্পন্নৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। 


 

Category