
মেৰাপানীৰ বালুগুৰিত শোকাৱহ ঘটনা। বিষাক্ত কাঠফুলা খাই নিঃশেষ এটি পৰিয়াল। দেওবাৰে প্ৰাণ হেৰুৱালে এটি কণমানি শিশুৱে। কিছুদিনৰপূৰ্বে মৃত্যু হৈছিল শিশুটিৰ পিতৃ-মাতৃ। মৃত্যু শিশুটিৰ পিতৃ-মাতৃ নাম প্ৰফুল্ল বৰ্মন আৰু তৰালি বৰ্মন। নগা পাহাৰৰ পৰা কাঠফুলা বুটলি আনিছিল পৰিয়ালটোৱে। কাঠফুলা খোৱাৰ কিছু সময়ৰ পিছতে চিকিৎসালয়ত ভৰ্তি হবলগীয়া হৈছিল পৰিয়ালটো। আৰু অৱশেষত চিকিৎসাধিন অৱস্থাতে মৃত্যু হয় তিনিওৰে।
অন্যহাতে গাঁওখনৰে আন চাৰিটা পৰিয়ালৰো কেইবাগৰাকি সদস্যই একেটা দিনতে বনৰীয়া কাঠফুলা খাই গোলাঘাট আৰু যোৰহাটৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ তথ্য পোহৰলৈ আহিছে।
- Log in to post comments