আহি আছে কঠালৰ বতৰ! এই ফলৰ গুণাগুণ বোৰ জানেনে আপুনি?

Jackfruit

গ্ৰীষ্ম কালত সহজতে উপলব্ধ কঁঠাল। কঠালত লুকাই থকা গুণবোৰ কি কি জানো আহক-
ক) কঁঠালৰ সোৱাদ মিঠা। কিন্তু এই ফল খোৱাৰ ফলত ডায়েবেটিচ বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই। বৰঞ্চ, ই শৰীৰক শক্তি প্ৰদান কৰা ওজনৰ এক সংমিশ্ৰণহে। 
খ) উচ্চ মানদণ্ডৰ এণ্টি-অক্সিডেণ্টসমৃদ্ধ ফল কঁঠাল। কঁঠালত যথেষ্ট পৰিমাণৰ ভিটামিন চি থাকে। সেয়েহে, শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী হয়। আনকি শৰীৰেও কৰ্কট ৰোগ আৰু টিউমাৰৰ প্ৰতি প্ৰতিৰোধ বিকশিত কৰে।
গ) কঠালত ভিটামিন বি৬ আৰু যথেষ্ট কেলৰি থাকে। কিন্তু ইয়াত কোনো কলেষ্টেৰল নাই।
ঘ) নিয়মীয়াকৈ কঁঠাল খালে পাইলছ আৰু মলাশয়ৰ কৰ্কট ৰোগৰ আশংকা হ্ৰাস হয়।
ঙ) কঁঠালত যথেষ্ট পৰিমাণৰ ভিটামিন এ আৰু বিটা-কেৰোটিন থাকে। 
চ) কঁঠালৰ এণ্টি-অক্সিডেণ্টে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।
ছ) কঁঠাল আঁহ সমৃদ্ধ ফল, ফলত হজম বৃদ্ধি হয় আৰু পাকস্থলী পৰিষ্কাৰ থাকে।।
জ) কঁঠালত ছডিয়াম আৰু পটাছিয়াম থাকে যিয়ে শৰীৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্য সঠিক ৰাখে। ফলস্বৰূপে, ৰক্তচাপ নিয়ন্ত্ৰণত থাকে আৰু হৃদযন্ত্ৰও ভাল হয়।
ঝ) কঁঠালত কেলচিয়াম থাকে যি হাড়বোৰ শক্তিশালী কৰি ৰাখে।

Category
Profile picture for user UB Photos