বুকুৰ বিষ হয় নেকি আপোনাৰ? বিষ হ'লে কেতিয়াও অৱহেলা নকৰিব আপুনি?

Heart Attack

হঠাৎ যদি আপোনাৰ বুকু বিষ হয়, তাক কেতিয়াও অৱহেলা নকৰিব। বিশেষকৈ চল্লিশ বছৰৰ ঊৰ্ধ্বৰ পুৰুষ অথবা পঞ্চাশ বছৰ ওপৰৰ মহিলাৰ যদি এনে বিষ হয় তেন্তে এই বিষয়টো চিন্তনীয়। এনে বয়সৰ লোকৰ হঠাৎ হোৱা বুকুৰ বিষ প্ৰথমতে হাৰ্টৰ কাৰণেই হয় বুলি ধৰি লোৱা ভাল। হৃদৰোগজনিত বুকুৰ বিষ হলে ৰোগী ঠাণ্ডাৰ দিনটো প্ৰচণ্ড ঘামি থাকিব। বুকুৰ বিষটো ক্ৰমে বাঁওহাতে বা কেতিয়াবা ডিঙিৰ ওপৰলৈ, কেতিয়াবা পিঠিৰ ফাললৈ বিয়পি যাব পাৰে। হাৰ্ট এটেকৰ ঠিক আগৰ পৰ্যায়ত হৃদৰোগজনিত বিষ সাধাৰণতে ১৫-২০ মিনিটলৈকে স্থায়ী হয়। 

হৃদৰোগজনিত বিষ সাধাৰণতে খুব বেছি শাৰীৰিক পৰিশ্ৰম বা মানসিক পৰিশ্ৰমৰ বাবে হয়। যদি বিশ্ৰাম লোৱাৰ পাছতো বিষটো নকমে তেতিয়া ইয়াক গুৰুত্ব সহকাৰে ল'ব লাগে। এই অৱস্থাটোক 'আনষ্টেৰল এঞ্জাইনা' বুলি কোৱা হয়। ইয়াৰ পাছতে আশংকা বৃদ্ধি পায় হাৰ্ট এটেকৰ। হৃদৰোগৰ বিষ বহু সময়ত খোৱা-বোৱা কৰাৰ পাছত হয়। তদুপৰি এই বিষ বুকুৰ মাজ অংশতে হয়। সেয়েহে অধিকাংশ লোকে এই বিষ গেছ বা এচিডিটিৰ কাৰণে হোৱা বুলিয়ে ভাবি লয়। সেয়ে ৰোগী এইক্ষেত্ৰত সতৰ্ক হোৱাৰ লগতে চিকিৎসকৰ কাষ চপাটো জৰুৰী।   

Category
Profile picture for user UB Photos