
গামোচা বিতৰ্কই জোঁকাৰিছে অসম। ৰাজ্যৰ ভিন্ন প্ৰান্তত হৈছে তীব্ৰ প্ৰতিবাদ। বাংলা সাহিত্য সভাই মন্ত্ৰী ৰণোজ পেগুক আধা লুঙী আধা গামোচাৰে সম্বৰ্দ্ধনা জনোৱাৰ পিছতে ৰাজ্যত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। বিভিন্ন জনে বিভিন্ন মন্তব্য আগবঢ়াইছে এই সন্দৰ্ভত। ডিব্ৰুগড়ত আছুৱে কৰিলে উত্তাল প্ৰতিবাদ। আনহাতে মন্ত্ৰী বিমল বৰাই কয়-‘গামোচা, গামোচা ভাৱেই থাকিব লাগে, গামোচাক অন্য ৰূপ দিলে স্বাভিমানত আঘাত হানিবই’। শিৱসাগৰত বাৰ লাচিত সেনাই দাখিল কৰে এজাহাৰ। লগতে কয়-'এইবিলাক বহুৱালি অসমত নচলিব, বিহুত পিঠাৰ ঠাইত ইলিচ মাছ খোৱাটো সমন্বয় বুলি ক'ব নেকি? 'লংপেণ্ট আৰু চুৰিয়া আমি একেলগে পিন্ধিম নেকি?'। মুঠতে এতিয়া সমগ্ৰ অসম কঁপাইছে গামোচাৰ বিতৰ্কই।
- Log in to post comments