দুবছৰৰ কাৰাদণ্ডৰ পাছত জামিন মঞ্জুৰ ৰাহুল গান্ধীৰ!!

Rahul Gandhi

চুৰাট আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক "মোডী উপাধি" সন্দৰ্ভত কৰা মন্তব্যৰ বাবে দোষী সাব্যস্ত কৰিছে। ২০১৯ চনত গান্ধীৰ বিৰুদ্ধে দাখিল কৰিছিল অপৰাধমূলক মানহানিৰ গোচৰ। আদালতে তেওঁক দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। অৱশ্যে, ৰাহুল গান্ধীক তৎক্ষণাৎ ১৫,০০০ টকাৰ বণ্ডত জামিন দিয়া হয়। ৰাহুল গান্ধীয়ে মোডী উপাধিৰ বিৰুদ্ধে মন্তব্য কৰিছিল। তেওঁ কৈছিল, "সকলো চোৰৰ একে উপাধি মোডী কিয়?"

ৰাহুল গান্ধীৰ মন্তব্যৰ বিৰুদ্ধে বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোডীয়ে অভিযোগ দাখিল কৰিছিল। ৱায়ানাডৰ লোকসভাৰ সদস্য গান্ধীয়ে ২০১৯ ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ কোলাৰত এখন ৰাজহুৱা সভাত এই মন্তব্য কৰিছিল বুলি অভিযোগ কৰা হৈছে।

 

Category