নলবাৰী বৰখনাজানত অনুষ্ঠিত বিবাহৰ চৰ্চা এতিয়াও শেষ হোৱা নাই। হোমৰ গুৰিত দৰাই মদ খাই ঢলি পৰাৰ বাবেই কইনাই ভাঙিছিল এইখন বিয়া। কিন্তু এতিয়া দৰাৰ পৰিয়ালে কইনা আৰু পৰিয়ালৰ বিৰুদ্ধে আনিছে গুৰুত্বৰ অভিযোগ।মাতৃৰ ভাষ্য- 'সি মদ খোৱা নাই, তাক পানী বা ORSৰ লগত কিবা মিলাই খোৱাইছে। সি ঢলি পৰাৰ কাৰণে তাক মদ খাইছে বুলি বহুত অপমান কৰিছে। মই কইনাক বহুত বস্তু দিছো, মোৰ এটাই ল'ৰা, মই ৰাণীৰ দৰে বোৱাৰী আনিম ভাবিছিলো মই ছোৱালীক ভৰিৰ আঙুঠি পৰ্যন্ত দিছো, বস্তুখিনি ৰাখি ছোৱালী বিয়া নহ'ল, ছোৱালীৰ নিশ্চয় বেলেগৰ লগত কিবা আছে'।
- Log in to post comments