সম্পত্তিৰ লালসা নে অত্যাচাৰ! কি কাৰণত বন্দনা কলিতাই হত্যা কৰিলে স্বামী আৰু শাহুক?

Murder

গুৱাহাটীৰ ডাবল মাৰ্ডাৰ সন্দৰ্ভত আজি মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমেল সম্বোধন কৰে। সংবাদমেলত বৰাই গোটেই ঘটনাৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে আৰক্ষীৰ অনুসন্ধানৰ বিষয়ে সদৰী কৰে। বৰাই জানিবলৈ দিয়া মতে, বন্দনা কলিতা আৰু অমৰজ্যোতি দে'ৰ বিবাহ ১২ বছৰ পূৰ্বে বিবাহ হৈছিল। বন্দনাই নিজ ঘৰৰ অমতত বিবাহ হৈছিল অমৰজ্যোতি দে'ৰ সৈতে।বন্দনা কলিতাই কোৱা মতে, স্বামী অমৰে সেৱন কৰিছিল নিচাযুক্ত দ্ৰব্য। মহিলা বন্ধু বেছি আছিল অমৰৰ। এই কথা লৈ প্ৰায়ে কাজিয়া হৈছিল স্বামী-স্ত্ৰীৰ। এইবোৰৰ মাজতে বন্দনাই জিম প্ৰশিক্ষকৰ প্ৰশিক্ষণ লয়। শাহুৱকেও সমৰ্থন জনাইছিল বন্দনাৰ এই কাৰ্যত। স্বামী আৰু শাহুৱেকৰ মাজত সম্পৰ্ক ভাল নাছিল।কিন্তু পিছলৈ বন্দনাক সমৰ্থন দিয়া নাছিল শাহুৱেকে।  

বন্দনাৰ মানসিক অৱস্থা এনে এটা পৰ্যায়ত উপনীত হয় যে তেওঁ দুই বন্ধু ধনটি আৰু অৰূপৰ সৈতে এই পৰিয়ালটোৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰে।আৰু এনেদৰেই অভিসন্ধি ৰচনা হয় ডাবল মাৰ্ডাৰৰ। বন্দনাই দুই বন্ধুৰে মিলি শাহুৱেকক ২৬ জুলাই আৰু ১৭ আগষ্টত স্বামীক হত্যা কৰে।

আৰক্ষীয়ে হত্যাকাণ্ডৰ আচল কাৰণক লৈ এতিয়াও নিশ্চিতি দিয়া নাই, সেয়া সম্পত্তি নে বন্দনাৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে কৰা হৈছে সেয়া নিশ্চিতভাৱে স্পষ্ট নহয়। এই দিশত তদন্ত চলাই যোৱাৰ কথা ব্যক্ত কৰে আৰক্ষী দিগন্ত বিষয়াই।

Category
Profile picture for user UB Photos