বিপদত বিধায়ক আশ্ৰাফুল হুছেইন! বিধায়ক আৱাসত অপহৃত যুৱতী লুকাই ৰাখিছিল বিধায়ক গৰাকীয়ে!

Ashraful Hussain

চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ। এগৰাকী যুৱতীৰ অপহৰণত জড়িত থকাৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে। নিজৰ বিধায়ক আবাসত অপহৃত যুৱতীক লুকুৱাই ৰখাৰ অভিযোগ বিধায়ক গৰাকীৰ বিৰুদ্ধে। দিছপুৰ আৰক্ষী থানাত যুৱতীগৰাকীৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ।

এজাহাৰত উল্লেখ কৰা অনুসৰি, মন্দিয়াৰ ৰিতুল হুছেইন নামৰ এজন যুৱকে আন কেইজনমান বন্ধুৰ সৈতে বৰপেটাৰ এগৰাকী যুৱতীক অপৰহৰণ কৰি বিধায়কগৰাকীৰ ঘৰত ৰাখিছিল। ২৭ জুলাইত বিধায়ক আবাসৰ পৰা যুৱতীগৰাকীক লৈ গৈ হত্যা কৰাৰ চেষ্টা কৰাৰ কথা উল্লেখ এজাহাৰখনত৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আনহাতে বিধায়ক আৱাসত যুৱতীক ৰখাৰ কথা স্বীকাৰ কৰিলে আশ্ৰাফুল হুছেইনে। তেওঁ কয় ৰিতুল হুছেইনে আৱাসলৈ আনিছিল যুৱতীগৰাকীক। তেওঁলোক প্ৰাপ্তবয়স্ক হোৱা বাবে গুৰুত্ব দিয়া নাছিল বিষয়টোত। 

বিধায়কগৰাকীয়ে কয় যে সেই সময়ত তেওঁ আৱাসত নাছিল। অপহৰণ কথা তেওঁ জনা নাছিল। সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰিব বুলিও কয় বিধায়কগৰাকীয়ে।

Category
Profile picture for user UB Photos