এইবাৰ শৌচালয়ত ওলাইছে ড্ৰামে ড্ৰামে চুলাই মদ প্ৰস্তুত কৰা সামগ্ৰী!ক’ত ঘটিল এই ঘটনা?

Assam Police 1

চৰকাৰে দৰিদ্ৰ লোকক দিয়া শৌচালয় সমূহক লৈ বিভিন্ন সময়ত চৰ্চা চলিয়েই থাকে এইবাৰ এই শৌচালয়ত ওলাইছে ড্ৰামে ড্ৰামে চুলাই মদ প্ৰস্তুত কৰা সামগ্ৰী মৰাণৰ সমীপৰ খোৱাং নগাবাৰীৰ এটা শৌচালয়ত ওলালে এই সামগ্ৰী।পৰিয়ালটোৱে শৌচালয়টো ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ড্ৰামে ড্ৰামে ৰাখিছে লালী গুৰে চুলাই প্ৰস্তুত কৰা সামগ্ৰী

খোৱাং আৰক্ষী আৰু আবকাৰী বিভাগৰ যৌথ অভিযানত উদ্ধাৰ হৈছে চুলাই প্ৰস্তুত কৰা সামগ্ৰী সমূহ যৌথ অভিযানত দলটোৱে বহু পৰিমাণৰ অবৈধ চুলাই মদসহ চুলাই প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰিবলৈ সক্ষম হয়

উল্লেখ্য যে খোৱাং অঞ্চলত অবৈধ মদৰ ব্যৱসায় চলি থকা অভিযোগ দীৰ্ঘদিনীয়া

Category