এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে গুৱাহাটী।মৃতদেহ কঢ়িওৱাৰ বাবে এজন লোকে বুক কৰিলে কেব। অফ লাইনত কেব বুক কৰি কঢ়িয়াইছিল মৃতদেহ। ঘটনাৰ পাছতে আৰক্ষীৰ কাষ চাপিল কেব চালকজন। কেব চালকজনৰ নাম খগেন দাস। হত্যাৰ বলি হোৱা লোকজনৰ নাম প্ৰেমধৰনাথ ভূঞা। হাতুৰীৰে কোবাই লোকজনক হত্যা কৰাৰ সন্দেহ কৰা হৈছে। হিতেশ দাসে লোকজনক হত্যা কৰাৰ অভিযোগ।
ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হিতেশ দাসক। ৰুক্মিণীগাঁৱত ৰিক্সা চলায় হিতেশ দাসে, নলবাৰীৰ নীলপুৰত ঘৰ ধৃত হিতেশৰ। হিতেশে কমলপুৰৰ ঘন জংঘলত পেলাই দিছিল প্ৰেমধৰৰ মৃতদেহ। চালকজনৰ সন্দেহ ওপজাত হিতেশ দাসক প্ৰশ্ন কৰাত তেওঁ চালক খগেন দাসক হত্যাৰ ভাবুকি দিয়ে। পাছত চালক দাসে এই কথা দিছপুৰ থানাত অৱগত কৰাত আৰক্ষীয়ে ৰুক্মিণীগাঁৱৰ ভাৰাঘৰৰ পৰা অভিযুক্ত হিতেশ দাসক গ্ৰেপ্তাৰ কৰি জেৰা চলোৱাৰ পিছত প্ৰকৃত ঘটনা ওলাই পৰে।
বৃহস্পতিবাৰে পুৱাৰ ভাগত এই ঘটনা সংঘটিত হোৱা বুলি স্বীকাৰ কৰিছে অভিযুক্তই। মৃত প্ৰেমধৰনাথ ভূঞাৰ ঘৰ প্ৰক-ত ঘৰ পাঠশালাত। আৰক্ষীয়ে জনোৱা মতে হত্যাকাৰী দাসৰ সৈতে দীৰ্ঘদিনৰ পৰা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল ভূঞাৰ। সেইসূত্ৰে মাজেসময়ে দাসে বন্ধু ভূঞাৰ পৰা টকা-পইচা ধাৰলৈ নিছিল। মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰী কৰা মতে, হিতেশ দাসে তেওঁৰ বন্ধুৰ সৈতে ধনৰ লেন-দেনক লৈ কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছতে হত্যাকাণ্ডটো সংঘটিত কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে।
চাঞ্চল্যকৰ হত্যাকাণ্ডটোৰ বিষয়ে আৰক্ষীক অৱগত কৰাৰ বাবে উবেৰখনৰ চালক খগেন দাসক মহানগৰ আৰক্ষী আয়ুক্তই ১০ হাজাৰ টকাৰ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰে।
- Log in to post comments