অসমত আৰম্ভ সমষ্টিৰ সীমা পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়া! ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰিলে জাননী  

Assam

অসমত সমষ্টিৰ সীমা পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ। ভাৰতৰ নিৰ্বাচন আয়োগে কৰিলে ঘোষণা। ২০০১ৰ লোকপিয়লৰ ভিত্তিত হব সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ। ৰাজ্য চৰকাৰে গঠন কৰিব নোৱাৰিব নতুন প্ৰশাসনিক গোট। ২০২৩ৰ ১ জানুৱাৰীৰ পৰা প্ৰযোজ্য হব এই নিষেধাজ্ঞা। সমষ্টি পুনৰ নিৰ্ধাৰণ নোহোৱালৈকে বাহাল থাকিব নিষেধাজ্ঞা।

লোকসভা আৰু বিধানসভা সমষ্টি সংৰক্ষণ ভাৰতীয় সংবিধানত ৩৩০ আৰু ৩৩২ ধাৰাৰ ভিত্তিত হব। নিৰ্বাচন আয়োগে সমষ্টি নিৰ্ধাৰণৰ ৰূপৰেখা প্ৰস্তুত কৰিব। সমষ্টি নিৰ্ধাৰণৰ খচৰা নিৰ্বাচন আয়োগে ৰাজহুৱাকৈ প্ৰকাশ কৰিব আৰু সাধাৰণ লোকৰ লগতে বিভিন্ন পক্ষৰ পৰা লব অভিযোগ আৰু পৰামৰ্শ।

ভাৰতীয় সংবিধানৰ ৰিপ্ৰেজেণ্টেচন অব দ্যা পিপলছ এক্ট ১৯৫০ৰ ছেক্সন 8 Aৰ অধীনত অনুষ্ঠিত হব সমষ্টি পুননিৰ্ধাৰণ।

Category