মাহেকীয়া অনিয়মীয়া হয় নেকি আপোনাৰ? খাওক এইবিধ খাদ্য!

Periods

পিৰিয়ড বা ঋতুচক্ৰৰ স্বাভাৱিক সময় ২৮ৰ পৰা ৩০ দিন। যদি আপোনাৰ মাহেকীয়া তাৰিখৰ পৰা ১ সপ্তাহতকৈ অধিক পলম হয়, তেন্তে ইয়াক অনিয়মিত মাহেকীয়া বুলি কোৱা হয়। মানসিক চাপ, যৌনতা, মদ্যপান, ভ্ৰমণ আদি বিভিন্ন কাৰণত এনে হব পাৰে। সময়মতে পিৰিয়ড হোৱাটো এটা সুস্থ শৰীৰৰ লক্ষণ। যদি এনেকুৱা নহয়, তেন্তে ই আপোনাৰ স্বাস্থ্যৰ অৱনতিৰ সন্মুখীন হোৱাৰ লক্ষণ। এই অৱস্থাৰ সৈতে মোকাবিলা কৰাৰ বাবে এটা উপায় হল সঠিক খাদ্য গ্ৰহণ কৰা। অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যা সমাধান কৰাত কেঁচা অমিতাই সহায় কৰে। অমিতাই হৰমনৰ ভাৰসাম্য ৰক্ষা কৰি পিৰিয়ড নিয়মীয়া কৰি ৰখাত সহায় কৰে। আৰু লগতে তেজ আৰু টিছু সহজে মুক্ত কৰাত সহায় কৰে। যদি আপোনাৰ মাহেকীয়া অনিয়মীয়া হয় তেন্তে কেঁচা অমিতা সেৱনে আপোনাৰ সমস্যাত অতি ফলপ্ৰসূ কাম কৰিব পাৰে।

Category
Profile picture for user UB Photos