‘মই জীয়াই থাকোতেই মোৰ গীতবোৰ পোষ্টমৰ্টেম কৰিলে জুবিনে’!

Zubeen Garg

অসমীয়া সংগীত জগতৰ প্ৰবীণ কণ্ঠশিল্পী দ্বীপেন বৰুৱাই যুৱ প্ৰজন্মৰ হাৰ্থ থ্ৰব জুবিন গাৰ্গে নতুনকৈ গোৱা এটা পুৰণি গীতক লৈ কৰা মন্তব্যক লৈ চৰ্চা অব্যাহত আছে। নলবাৰীত কণ্ঠশিল্পী দ্বীপেন বৰুৱাই কৈছিল যে জুবিন গাৰ্গে এটা পুৰণি গীত ভুলকৈ গাইছে''ড০ বেজবৰুৱা ২'' চলচ্চিত্ৰখনত জুবিন গাৰ্গে গোৱা এটা গীতৰ কথা আৰু সুৰ অশুদ্ধ বুলি উল্লেখ কৰি বৰুৱাই কয়-মোৰ এইবাবেই দুখ লাগিছে যে মই জীয়াই থকা অৱস্থাতে মোৰ গীত বোৰ কোবাই মেলি লেঙেৰা কৰি জুবিনে পোষ্টমৰ্টেম কৰি পেলালে। নলবাৰীৰ চহৰত সংবিধান প্ৰণেতা ড০ ভীমৰাও আম্বেদকাৰৰ মহাপ্ৰয়াণ তিথি উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থকা সময়ত সাংবাদিকৰ আগত এই মন্তব্য কৰে কণ্ঠশিল্পী দ্বীপেন বৰুৱাই। লগতে কয়-‘ আপোনালোকে বেয়া নাপাব।মই মনৰ দুখতে কৈছো। জুবিন গাৰ্গে আমাৰ ওচৰলৈ আহি সুধিলে অন্ততঃ উপদেশ দিলো হেতেন।মই দোষ নিদিওঁ, বেয়া বুলিও নকওঁ, গানত নতুনত্ব আনিব পাৰে, কিন্তু গানৰ কথাৰ কিছুমান শব্দ ভুলকৈ গোৱা হৈছে। সেই কথাই আমাক কষ্ট দিয়ে। মৃত্যুৰ আগতে এইবোৰ চাই যাব মন নাছিল, কিন্তু উপায় নাই কাৰো অনুমতি নোলোৱাকৈ তেওঁ এনে কৰিছে। অন্ততঃ মোৰ অনুমতি লব লাগিছিল জুবিনে। কিন্তু জুবিনে সেয়া নকৰিলে।

 

 

Category
Profile picture for user UB Photos