আজিও নীৰৱে চকুলো টুকে অনিমেষৰ মাতৃয়ে! ৰাজ্য কঁপোৱা অনিমেষ হত্যাকাণ্ডৰ এবছৰ

Animesh Bhuyan

অসমবাসীৰ লগতে দেশবাসীয়ে এটা পাহৰিব নোৱাৰা অভিশপ্ত দিন ২৯ নৱেম্বৰ ২০২১। এই দিনটোতে যোৰহাটত মানৱৰূপী দানৱৰ হাতত মৃত্যুক সাবটি লৈছিল দেৰগাঁও খকণ্ডগুৰিৰ উদীয়মান যুৱক অনিমেষ ভূঞাই। আজি ২৯ নৱেম্বৰ ২০২২ তাৰিখে অনিমেষৰ মৃত্যুৰ এটা বছৰ সম্পূৰ্ণ হ'ল। কিন্তু আজিও অনিমেষ হত্যাৰ দোষীসকলে উচিত শাস্তি নাপালেএগৰাকী মাতৃৰ বুকু উদং কৰি মুক্ত আকাশৰ তলত দোষীসকল।

২০২১ বৰ্ষৰ আজিৰ দিনটোত যোৰহাট নগৰৰ মাজমজিয়াত একাংশ মানৱৰূপী দানৱৰ নৃশংসতাত অনিমেষ ভূঞাই কৰুণ মৃত্যুক সাবটি লোৱাৰ পিছত অনিমেষৰ ঘৰলৈ মানুহৰ সোত বৈছিল। আহিছিল মন্ত্ৰীবিধায়ক,শিল্লী-সাহিত্যিক তথা দলসংগঠনৰ বিষয়ববীয়া। সকলোৱে পৰিয়ালটোক বহুত আশ্বাস প্ৰতিশ্ৰুতি দি গ', কিন্তু দুখৰ বিষয় আজি এটা বছৰে বিশেষ একো নহমুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনিমেষৰ ঘৰত দিয়া ৫ লাখ টকাৰ চেকখনৰ বাহিৰে কবলৈ গ'লে একোৱেই নহল। আজিও অনিমেষৰ মাতৃৰ বুকুত জলা জুইকুৰা জ্বলিয়েই আছে। নীৰৱে পুত্ৰ শোকত চকুলো টুকিছে মাতৃয়ে। পৰিয়ালটো কেনেদৰে চলিছে তাক চাবলৈ যেন এতিয়া কাৰো আহৰি নাই। 

 

Category
Profile picture for user UB Photos