'২৩ অক্টোবৰ,২০২২ মোৰ হৃদয়ত সদায় বিশেষ হৈ থাকিব'- বিৰাট কোহলি

Kohli

টি-২০ বিশ্বকাপ ২০২২ ৰ চেম্পিয়ন ইংলেণ্ড হ'ল যদিও ভাৰতৰ কাৰণে সদায় বিশেষ হৈ ৰ'ব এই বিশ্বকাপ। কিয়নো ৰান মেচিন কোহলিক এই টুৰ্ণামেন্টটে ঘূৰাই পালে ভাৰতবাসীয়ে। এটা দীঘলীয়া পৰিক্ৰমাৰ পিছত নিজৰ ফৰ্ম ঘূৰাই পাইছিল ক্ৰিকেটাৰ গৰাকীয়ে। বিৰাটৰ দূৰ্দান্ত প্ৰদৰ্শনলৈকে যেন বাট চাই আছিল সকলো । বিশ্বকাপৰ প্ৰথমখন খেল চিৰবৈৰী ভাৰত-পাকিস্তানৰ খেল খন দেশবাসীৰ লগতে বিশ্ববাসীয়েও হয়তো কেতিয়াও পাহৰিব নোৱাৰিব। ভাৰতৰ বাবে সেই আবেলিটো চিৰদিনৰ বাবেই হৈ ৰ'ল বিশেষ। এনে ৰোমাঞ্চকৰ খেল হয়তো কোনোদিন হোৱা নাছিল। ভাৰতৰ হাতৰ পৰা প্ৰায়েই গুছি গৈছিল খেলখন কিন্তু কোহলিৰ দূৰ্দান্ত প্ৰদৰ্শনত শেষত জয়ী হ'ল ভাৰত। বিৰাট কোহলিয়ে অপৰাজিত ৫৩ টা বলত ৮২ ৰাণ কৰি সকলোৰে মুখত হাঁহি বিৰিঙাইছিল। সেইদিনটোত সাধাৰণ জনতা, চেলিব্ৰেটি, প্ৰাক্তম ক্ৰিকেটাৰ সকলোৰে মুখত কেৱল কোহলি আৰু কোহলি। বিশ্বকাপৰ ছেমি-ফাইনেলত স্তব্ধ হৈ ঘৰ উভতিল যদিও টীম ইণ্ডিয়াৰ এই জয় কোনোদিনেই পাহৰিব নোৱাৰিব বিশ্ববাসীয়ে। 
কিং কোহলিয়েও সেই বিশেষ মুহূৰ্তৰ কথা সোঁৱৰি সামাজিক মাধ্যমত এখন বিশেষ ফটোৰ সৈতে এক পোষ্ট শ্বেয়াৰ কৰিছে। কোহলিয়ে লিখিছে ' ২৩ অক্টোবৰ, ২০২২ মোৰ হৃদয়ত সদায় বিশেষ হৈ ৰ'ব। ক্ৰিকেট খেলত এনেকুৱা শক্তি আগতে কেতিয়াও অনুভৱ কৰা নাছিলো। কি যে এক আৰ্শীবাদপুষ্ট সন্ধিয়া আছিল।' 

Category
Profile picture for user UB Photos