সুস্বাস্থ্যৰ বাবে পুৱাৰ আহাৰত কি খাব আপুনি?

Breakfast

পুৱা পুষ্টিযুক্ত খাদ্য খালে আমাৰ শৰীৰটো সুস্থ হৈ থাকে আৰু আমি গোটেই দিনটো শক্তিশালী হৈ থাকোঁ, তলত এনে কিছুমান খাদ্যৰ বিষয়ে উল্লেখ কৰা হৈছে যিবোৰ পুৱা সেৱন কৰিলে স্বাস্থ্যৰ পক্ষে বৰ ভাল।
১) দালিয়াঃ দালিয়াত প্ৰচুৰ পৰিমাণে ফাইভাৰ থাকে। এই কাৰণেই বিশেষজ্ঞসকলে কয় যে ইয়াক ৰাতিপুৱা খালে খুবেই ভাল। আন্ত্ৰিক স্বাস্থ্যৰ বাবে দালিয়া অতি উপকাৰী।
২) কণীঃ প্ৰায়বোৰ স্বাস্থ্য বিশেষজ্ঞই ৰাতিপুৱা কণী খাবলৈ পৰামৰ্শ দিয়ে কাৰণ ই অতি পুষ্টিকৰ ব্ৰেকফাষ্ট।
৩) কফিঃ কফিয়ে আপোনাক শক্তিশালী কৰি তোলাত সহায় কৰিব পাৰে। গতিকে পুৱাৰ কফিৰে দিনটো আৰম্ভ কৰিলে আপোনাক শক্তিশালী কৰি তুলিব। 
৪) চিয়া ছীডছঃ পুৱা চিয়া ছীডছ সেৱন কৰিব পাৰে কাৰণ ই আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী লগতে ই ওজন কমোৱাত সহায় কৰে। 
৫) দৈঃ দৈক আমাৰ শৰীৰৰ বাবে অমৃত হিচাপে গণ্য কৰা হয়। সেয়েহে ৰাতিপুৱা সেৱন কৰিলে অতি ভাল। 
৬) পকা অমিতাঃ পকা অমিতাৰ শৰীৰৰ বাবে বহুতো স্বাস্থ্য উপকাৰিতা আছে, যেনে ই হজম ক্ৰিয়া সঠিকভাৱে ৰাখে। সেয়ে পুৱা এই ফল সেৱন কৰিব পাৰিলে ভাল।
৭) মৌঃ আমি জানো যে সামগ্ৰিক স্বাস্থ্য উন্নত কৰাৰ বাবে মৌ অতি উপকাৰী। একাংশ বিশেষজ্ঞৰ মতে, ৰাতিপুৱাই খালী পেটত গৰম পানীৰ লগত অলপ মৌ মিহলাই খালে উপকাৰী। ইয়াক গ্ৰহণ কৰিলে আপোনাৰ বিপাকীয় ক্ৰিয়া দ্ৰুত হ’ব। যিটো দ্ৰুতভাৱে ওজন কমাবলৈ ভাল।
৮) বেৰীজঃ বেৰীজত কেলৰি কম, আঁহ বেছি। ইয়াত ৰোগ প্ৰতিৰোধী এন্টিঅক্সিডেন্ট থাকে। সেইবাবেই ব্লুবেৰী, ষ্ট্ৰবেৰী, ৰেপছবেৰী আৰু ব্লেকবেৰীৰ দৰে সকলো ধৰণৰ বেৰীজ পুৱা খাবলৈ একেবাৰেই উপযুক্ত।
৯) বাদামঃ যদি আপুনি পুৱা দৈনিক ৪ৰ পৰা ৬ টা বাদাম সেৱন কৰে, তেন্তে আপোনাৰ স্মৃতিশক্তি চোকা হ’ব আৰু আপোনাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰয়েও সঠিকভাৱে কাম কৰিব। যাৰ ফলত মন সুস্থ হৈ থাকে। তিয়াই থোৱা বাদামে হজম কাৰ্য্যত সহায় কৰে আৰু উচ্চ ৰক্তচাপ হ্ৰাস কৰাত উপকাৰী।
১০) আমলখিঃ আমলখি এবিধ অতি পুষ্টিকৰ ফল আৰু ইয়াৰ বহু উপকাৰীতা আছে। ই শৰীৰৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
 

Category
Profile picture for user UB Photos