অতীত হ’ল ‘এ ফৰ এপল’,‘বি ফৰ বল’৷ 

A For Arjun

উত্তৰ প্ৰদেশত শিকণ পদ্ধতিৰ নৱ ৰূপান্তৰ।  এতিয়াৰে পৰা উত্তৰ প্ৰদেশত শিক্ষাৰ্থীয়ে পঢ়িব লাগিব এ ফৰ অৰ্জুন, বি ফৰ বলৰাম৷ সাধাৰণতে শিশুৱে ইংৰাজী আখৰ চিনাক্ত কৰিবলৈ শিকাৰ প্ৰথম পদক্ষেপ হৈছে ‘এ ফৰ আপেল’,‘বি ফৰ বল’৷ কিন্তু উত্তৰ প্ৰদেশৰ শিশুসকলক ইংৰাজী আখৰ শিকোৱা এখন বিদ্যালয়ৰ কিতাপত ‘এপল’ৰ সলনি ‘অৰ্জুন’ দিয়া হৈছে। বি ফৰ বল নহয়, এতিয়াৰ পৰা শিশুৱে ‘বলৰাম’ৰ বাবে বি শিকিব। বৰ্ণমালা চিৰ বাবে ‘কেট’ৰ পৰিৱৰ্তে চাণক্যৰ নাম ৰখা হৈছে। ইংৰাজী বৰ্ণমালাৰ ২৬টা আখৰ এনেদৰে পুৰাণ বা ভাৰতৰ ঐতিহাসিক ব্যক্তিত্বৰ নামৰে চিনাক্ত কৰা হৈছে।
আমিনাবাদ ইণ্টাৰ কলেজ, লক্ষ্ণৌয়ে শিশু কিতাপত ইংৰাজী বৰ্ণমালাৰ এই বৃহৎ ৰূপান্তৰ সাধন কৰিছে৷ উদ্দেশ্যটো হ’ল শিশুসকলৰ মাজত কম বয়সৰ পৰাই দেশৰ ইতিহাস আৰু পৌৰাণিক কাহিনীৰ বিষয়ে সজাগতা বিয়পোৱা। ইংৰাজী আখৰ ব্যৱহাৰ কৰি বিদ্যালয় কৰ্তৃপক্ষই শিশুসকলক দেশৰ ইতিহাস আৰু পৌৰাণিক কাহিনীৰ বিভিন্ন চৰিত্ৰবোৰ জনাব বিচাৰিছে। য’ত ‘ডি’য়ে ধ্ৰুৱক প্ৰতিনিধিত্ব কৰে, ‘ই’য়েএকলব্যক প্ৰতিনিধিত্ব কৰে, ‘আই’য়ে ইন্দ্ৰক প্ৰতিনিধিত্ব কৰে আৰু এইচ-য়ে হনুমানক প্ৰতিনিধিত্ব কৰে।

Uttar Pradesh


লক্ষ্ণৌৰ সেই মহাবিদ্যালয়খনৰ অধ্যক্ষ লাল মিশ্ৰাই কয়, ভাৰতীয় সংস্কৃতি সম্পৰ্কে শিক্ষাৰ্থীসকলৰ খুব কম ধাৰণা আছে। গতিকে আমি তেওঁলোকৰ জ্ঞান বৃদ্ধি কৰিবলৈ এই পদক্ষেপ লৈছোঁ। কিন্তু যিহেতু হিন্দীত চৰিত্ৰৰ সংখ্যা যথেষ্ট বেছি, ইয়াৰ তালিকা প্ৰস্তুত কৰিবলৈ অধিক সময় লাগে। শিশুগ্ৰন্থত কেৱল পৌৰাণিক আৰু ঐতিহাসিক চৰিত্ৰৰ নামেই নহয়, সেইবোৰৰ বৰ্ণনাও আছে।

Category
Profile picture for user UB Photos