গুজৰাটত ছঠ পূজাৰ অনুষ্ঠানত শোকাৱহ ঘটনা, মোৰবীত ওলমা দলং ভাঙি শিশু মহিলাসহ ১৪১গৰাকীৰ মৃত্যু

Gujrat Incident

গুজৰাটত ছঠ পূজাৰ অনুষ্ঠানত শোকাৱহ ঘটনা৷ মোৰবীত ওলমা দলং ভাঙি শিশু মহিলাসহ ১৪১গৰাকীৰ মৃত্যু৷ ৰাজ্যখনৰ বিজেপি সাংসদ মোহনভাই কল্যাণজী কুন্দাৰীয়াৰ পৰিয়ালৰ ১২ সদস্যই প্ৰাণ হেৰুৱালে এই দুৰ্ঘটনাত৷ কুন্দাৰীয়াৰ ভগ্নীৰ পৰিয়ালৰ সদস্য আছিল এওঁলোক৷ মাচ্চু নদীৰ ওপৰত থকা ব্ৰিটিছৰ যুগৰে এই ওলমা দলংখন ভাঙি পৰে দেওবাৰে সন্ধিয়া৷ ছঠ পূজা উপলক্ষে দলংখনত সমাগম ঘটিছিল প্ৰায় ৫০০ লোকৰ৷ তেতিয়াই ভাঙি পৰে দলংখন৷ এই দুৰ্ঘটনাৰ পিছত NDRF, SDRF আদিয়ে অভিযান চলাই উদ্ধাৰ কৰে ১৭৭গৰাকীক৷ মেৰামতি কৰি ২৬ অক্টোবৰত পুনৰ মুকলি কৰা হৈছিল এই  দলংখন৷ কিন্তু দলংখনৰ ফিটনেছ চাৰ্টিফিকেট দিয়া হোৱা নাছিল৷ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে এই দুৰ্ঘটনা হোৱা বুলি অভিযোগ কৰিছে বিভিন্নজনে৷ এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্নজনে৷ দুৰ্ঘটনাৰ তদন্তৰ আশ্বাস দিয়া হৈছে৷ মৃতকৰ পৰিয়াললৈ ২ লাখ আৰু আহত সকললৈ ৫০ হাজাৰ টকা এককালীন সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে৷ গুজৰাট চৰকাৰেও নিহতৰ পৰিয়াললৈ ৪ লাখ আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰিছে৷

Category
Profile picture for user UB Photos