কালিকা লাগিছে নেকি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত!

gerukamukh nhpc accident

ধাৰাবাহিক ভাৱে অঘটন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত। বিপদে লগ নেৰা হৈছে গেৰুকামুখ NHPC প্ৰকল্পত। ইটোৰ পিছত সিটো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে NHPCত। 

 


টানেলৰ পিছতে এইবাৰ ভাগি পৰিল শক্তিগৃহৰ সুৰক্ষা দেৱাল। অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত সোৱণশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত পানীৰ প্ৰৱল হেঁচাত ভাঙি পৰিল পাৱাৰ হাউচৰ ৰাইট বেংকৰ গাৰ্ডৱাল। দুটা টানেল বন্ধ হৈ পৰাত পানীৰ হেঁচা অতিমাত্ৰাত বৃদ্ধি পায় যাৰফলত ৰাইট বেংকত থকা পাৱাৰ হাউচৰ গাৰ্ডৱালৰ এক অংশ খহি পৰে।

 

ইতিমধ্যে মূষলধাৰ বৰষুণৰ ফলত ভূমিস্খলন সংঘটিত হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত। মূলবান্ধৰ ওপৰেৰে বাগৰিছে পানী। উত্তৰপৰীয়া ৰাইজৰ বাবে তীব্ৰ ভাবুকি আহি পৰিছে। যাৰবাবে সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে NHPCৰ নিৰ্মাণ কাৰ্য।

Category
Profile picture for user UB Photos