পল্টনবজাৰ ৰেলৱে ষ্টেচনত ৪৫ টা ইঞ্জিন আৰু ২১ টা পালছাৰ বাইকৰ হেন্দেল জব্দ

Paltan Bazar Station

পল্টনবজাৰ ৰেলৱে ষ্টেচনত ৪৫ টা ইঞ্জিন আৰু ২১ টা পালছাৰ বাইকৰ হেন্দেল জব্দ।

গোপন সুত্ৰৰ খৱৰৰ ভিত্তিত ৰেলৱে আৰক্ষীয়ে জব্দ কৰে ইঞ্জিনসমূহ।

কোনো লোকে পল্টনবজাৰ ২ নং ৰেলৱে ষ্টেচনত এনেদৰে পেলাই থৈ যায় ইঞ্জিনসমূহ।

এই ইঞ্জিনসমূহ কৰ পৰা আনিছে বা কোনে আনি এনদৰে পেলাই থৈ গৈছে এতিয়ালৈ জানিব পৰা নাই ।

বৰ্তমান আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। কিছুসময়ৰ পিছতে ইঞ্জিনসমূহ ট্ৰেইনত আহিছিল নে VP ত আহিছে সেইয়া cctv ত পৰীক্ষা কৰিব আৰক্ষীয়ে।

হেন্দেল বা ইঞ্জিনত নাই কোনো ধৰণৰ নম্বৰ। চোৰ কৰি কোনো লোকে এনে দৰে পেলাই থৈ যোৱাৰ সন্দেহ আৰক্ষীৰ।

Category
Profile picture for user UB Photos