অভিজাত দম্পতীৰ নিৰ্লজ্জ কাণ্ড! বনকৰা কিশোৰীৰ গাত ঢালিলে গৰম পানী

Hot Water

ৰাজ্যত দিনে দিনে বৃদ্ধি পাইছে বনকৰা কিশোৰীক নিৰ্যাতনৰ ঘটনা। শিৱসাগৰৰ পিছত এইবাৰ মৰাণহাটত বনকৰা কিশোৰীক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে।

বনকৰা কিশোৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত মৰাণহাটৰ এটা দম্পতীক আত্মগোপন কৰি থকা অৱস্থাত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

অভিযোগ অনুসৰি, এগৰাকী কিশোৰীক দীৰ্ঘদিন ধৰি নিৰ্যাতন চলাই আহিছিল মৰাণহাটৰ শান্তিপুৰৰ এই দম্পতীহালে।

আটকাধীন দম্পতীহালৰ নাম নিৰূপম দাস আৰু পিংকী শইকীয়া । এই সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীয়ে ২৮ জুলাইত মৰাণহাট আৰক্ষী থানাত গোচৰ দাখিল কৰিছিল ।

কিশোৰীগৰাকীয়ে অভিযোগ দিয়া মতে, গাত গৰম পানী ঢালি নিৰ্যাতন কৰা হৈছিল। নিৰূপম দাস সোণাৰী টী ব’ৰ্ডৰ বিষয়া আৰু পত্নী পিংকী শইকীয়া ডিমৌ Sariculture বিভাগৰ কৰ্মচাৰী।

উল্লেখ্য় যে, ঘটনা সন্দৰ্ভত অভিযুক্ত পিংকী শইকীয়াই সকলো অভিযোগ নসাৎ কৰি ষড়যন্ত্ৰ কৰিছে বুলি কৈছে।

Category
Profile picture for user UB Photos