চাকৰিৰ বাবে Resume বনোৱাত অসুবিধা হৈছে নেকি? বিল গেটছৰ ৪৮ বছৰ পুৰণি এই Resumeখন আপোনাৰ বাবে হ'ব পাৰে অনুপ্ৰেৰণা...

Bill Gates Shares His 48-Year-Old Resume

এখন উপযুক্ত Resume। সেই Resume খনেই নিৰ্ধাৰিত কৰে এজন লোকৰ ভৱিষ্যত। চাকৰি বিচৰাৰ বাবে এখন Resume বনোৱাতো চাকৰি প্ৰত্যাশীসকলৰ বাবে এটা সংগ্ৰামৰ বিষয়। বহু চাকৰিৰ বাবে এখন ভাল Resume যথেষ্ট প্ৰয়োজনীয়। সকলোৱে কিমান ভালকৈ, চকুত লগাকৈ এখন Resume বনাব পাৰে সেই চেষ্টা সকলোৰে থাকে। আজি আমি আপোনালোকক এনে এখন Resumeৰ বিষয়ে কম, যিখন কোনো সাধাৰণ Resume নহয়। কিয়নো এইখন হৈছে বিল গেটছৰ Resume।

 

বিশ্বৰ ধনী ব্যক্তিসকলৰ ভিতৰত অন্যতম বিল গেটছে শনিবাৰে শ্বেয়াৰ কৰিলে তেখেতৰ জীৱনৰ প্ৰথমখন Resume। বিশ্বৰ সকলো প্ৰান্তৰ চাকৰি প্ৰত্যাশীৰ আত্মবিশ্বাস দৃঢ় কৰাৰ উদ্দেশ্যে বিল গেটছে শ্বেয়াৰ কৰে নিজৰ Resumeখন। ৬৬ বছৰীয়া বিল গেটছে ৪৮ বছৰ আগতে বনোৱা Resumeখন শ্বেয়াৰ কৰি যুৱ প্ৰজন্মক উৎসাহ যোগায়। তেখেতে ফটোখন শ্বেয়াৰ কৰি লিখে যে, 'Whether you’re a recent grad or a college dropout, I’m sure your resume looks a lot better than mine did 48 years ago'.

 

https://www.linkedin.com/posts/williamhgates_whether-youre-a-recent-grad-or-a-college-activity-6948310563722579970-6qrH?utm_source=linkedin_share&utm_medium=android_app

এই Resumeখন সেই সময়ৰ, যি সময়ত বৰ্তমান সকলোৰে মাজত বিল গেটছ হিচাপে পৰিচিত উইলিয়াম গেটছ III, হাৰ্ভাড বিশ্ববিদ্যালয়ত পঢ়ি আছিল। মাইক্ৰচফটৰ স্বত্বাধিকাৰীগৰাকীয়ে নিজৰ Resumeত উল্লেখ কৰিছিল তেওঁৰ Operating Systems, Structures, Database Management, Computer Graphicsৰ ওপৰত জ্ঞান আছে। সামাজিক মাধ্যমত বিল গেটছৰ Resumeখন দেখি বহুতেই বিল গেটছক ধন্যবাদ জ্ঞাপন কৰে। বহুতেই Resumeখনৰ পৰা যথেষ্ট উৎসাহো লাভ কৰা পৰিলক্ষিত হৈছে।

Category
Profile picture for user UB Photos