বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু! 'মোক ইয়াৰ পৰা লৈ যা, মোক মাৰি পেলাব', সেয়াই আছিল শেষৰটো ফোনকল নমলৰ

Murder

বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু ৷ চেন্নাইত মৃত্যু হয় গুৱাহাটীৰ ফটাশিল আমবাৰীৰ যুৱক নমল ৰাজবংশীৰ ৷

দুই বন্ধুৰ সৈতে কৰ্মৰ সন্ধানত বৃহস্পতিবাৰে ঘৰৰ পৰা ওলাই গৈছিল নমল ৷ কিন্তু ৰহস্যজনকভাৱে মাজৰাস্তাত ৰে'লৰ পৰা নামি দিছিল বুলি দুই বন্ধু ৰাজা আৰু অৰ্জুনে পৰিয়ালৰ লোকক জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, দেওবাৰে আবেলি শেষবাৰৰ বাবে পৰিয়ালৰ সৈতে ভিডিঅ' ক'ল কৰিছিল নমলে। পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি সেইসময়ত ভিডিঅ' ক'লত 'মোক ইয়াৰ পৰা লৈ যা, মোক মাৰি পেলাব ইয়াত' বুলি কৈছিল নমলে ৷ তাৰ পাছতে নিশাটোৰ ভিতৰতে চেন্নাইত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য় যে, মৃতদেহ উদ্ধাৰৰ সময়ত যুৱকজনৰ পিন্ধনত আছিল মাত্ৰ এটা হাফ পেন্ট ৷ বৰ্তমান চেন্নাই থানাতে থকা নমলৰ মুখত দেখা গৈছে স্পষ্ট আঘাতৰ চিন ৷

আনহাতে পুত্ৰক হেৰুৱাই শোকত ভাঙি পৰা নমলৰ মাতৃয়ে পুত্ৰৰ অন্তিম সৎকাৰৰ বাবে চেন্নাইৰ পৰা ৰাজ্যচৰকাৰক মৃতদেহটো আনি দিয়াৰ ব্যৱস্থা কৰিবলৈ কাতৰ আহ্বান জনাইছে ৷

Category
Profile picture for user UB Photos