'ডিজিটেল ধৰ্ষণ' কি জানেনে, নয়ডাত এজন ৮১ বছৰীয়া বৃদ্ধ অভিযুক্তক ডিজিটেল ধৰ্ষণৰ বাবে শাস্তি প্ৰদান

Digital Rape Case

শেহতীয়াকৈ এগৰাকী ৮১ বছৰীয়া শিল্পী তথা শিক্ষকে এগৰাকী ১৭ বছৰীয়া কিশোৰীক সাত বছৰ ধৰি 'ডিজিটেল ধৰ্ষণ' কৰাৰ বাতৰিয়ে এতিয়া তোলপাৰ লগাইছে সামাজিক মাধ্য়মত।

মৰিছ ৰাইডাৰ বুলি চিনাক্ত কৰা লোকজন ভুক্তভোগীৰ সৈতে বিভিন্ন অশালীন কাৰ্য্যত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।

নাবালিকাজনীৰ অভিযোগ গ্ৰহণ কৰাৰ পিছত, নয়ডা আৰক্ষীয়ে ধৰ্ষণৰ বাবে আইপিচিৰ ৩৭৬ ধাৰা, স্বেচ্ছাই আঘাত কৰাৰ বাবে ৩২৩ ধাৰা আৰু অপৰাধমূলক ভাবুকিৰ বাবে ৫০৬ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। ভুক্তভোগীয়ে দিয়া বিৱৰণ অনুসৰি, অভিযুক্তজনে তেওঁৰ নিৰ্মম কাৰ্য্যৰ বিৰোধিতা কৰাৰ বাবে তাইক প্ৰহাৰ কৰিছিল।

এনে ধৰণৰ অমানৱীয় ঘটনাই 'ডিজিটেল ধৰ্ষণ' আৰু ইয়াৰ সৈতে জড়িত শাস্তিৰ বিষয়ে সজাগতা বৃদ্ধি কৰাটো আৰু অধিক গুৰুত্বপূৰ্ণ কৰি তোলে।

উল্লেখ্য় যে ২০১৩ চনলৈকে 'ডিজিটেল ধৰ্ষণ'ক উৎপীড়ন হিচাপে গণ্য কৰা হৈছিল। ২০১২ চনত ভয়ংকৰ নিৰ্ভয়া দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ পিছত সংসদত নতুন ধৰ্ষণ আইন গৃহীত হৈছিল য'ত কোৱা হৈছিল যে যিকোনো বলপূৰ্বক প্ৰৱেশ ধৰ্ষণ বিৰোধী আইনৰ পৰিধিলৈ আহিব।

ডিজিটেল ধৰ্ষণ কি?

বহুলোকে ধাৰণা কৰে যে 'ডিজিটেল ধৰ্ষণ' শব্দটো ডিজিটেল প্লেটফৰ্মত কাৰোবাৰ পৰিচয় বিকৃত কৰাৰ সৈতে সম্পৰ্কিত। অৱশ্যে, শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে সন্মতি অবিহনে আন জনৰ গোপন অঙ্গৰ ভিতৰত বলপূৰ্বকভাৱে আঙুলি বা ভৰিৰ আঙুলি সুমুৱাই দিয়া। ইংৰাজী অভিধানত, আঙুলি, বুঢ়া আঙুলি আৰু ভৰিৰ আঙুলিক 'digit' বুলি সম্বোধন কৰা হয় আৰু সেয়েহে এই কাৰ্যটোক 'ডিজিটেল ধৰ্ষণ' বুলি নামাকৰণ কৰা হৈছে।

ডিজিটেল ধৰ্ষণৰ শাস্তি কি?

প্ৰতিবেদন অনুসৰি, ৭০ শতাংশ ঘটনা নিকটৱৰ্তী আৰু প্ৰিয়জনৰ দ্বাৰা সংঘটিত হয়। অৱশ্যে, খুব কম অপৰাধহে পঞ্জীয়ন হয়। ইয়াৰ কাৰণ হৈছে বেছিভাগ মানুহে ধৰ্ষণৰ আইন আৰু 'ডিজিটেল ধৰ্ষণ' শব্দটোৰ বিষয়ে অৱগত নহয়। আইন অনুসৰি, অপৰাধীজনক কমেও পাঁচ বছৰৰ কাৰাদণ্ড দিব পাৰি। কিছুমান ক্ষেত্ৰত, এই শাস্তি ১০বছৰলৈকে চলিব পাৰে বা আনকি আজীৱন কাৰাদণ্ডও দিব পাৰে।

Category
Profile picture for user UB Photos